Rupaliparda.com
জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হোৱা আইমী বৰুৱাই এইবাৰ লাভ কৰিলে প্ৰশংসাঃ 1

জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হোৱা আইমী বৰুৱাই এইবাৰ লাভ কৰিলে প্ৰশংসাঃ

বাৰম্বাৰ চচিয়েল মিডিয়াত জনসাধাৰণে সমালোচনা কৰা অভিনেত্ৰী আইমী বৰুৱাক এইবাৰ একেখিনি জনসাধাৰণে উপচালে প্ৰশংসাৰে। আচলতে, প্ৰশংসাৰ যোগ্যও অভিনেত্ৰী গৰাকী। থেকেৰাগুৰিৰ পৰা কাঁহকুচি লৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ৪০ কিলোমিটাৰ বাটত আইমীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যই মুঠ ৬ হাজাৰ ডাল এজাৰৰ পুলি ৰোপন কৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ দায়িত্বও গ্ৰহণ কৰে। অভিনেত্ৰী গৰাকীয়ে কয় যে, “পুলিখনি ক্ৰমাৎ ঠন ধৰি উঠিছে। সম্পূৰ্ণ গছ হ’ৱলৈ আৰম্ভ কৰিছে। এই বাটৰে অহা যোৱা কৰোতে পুলিবোৰ দেখিলেই মনটো ভাল লাগি যায়। আগ্ৰহৰে বাট চাই আছোঁ সেই দিনটোলৈ যি টো দিনত এই ৪০ কিলোমিটাৰ বাটত এজাৰবোৰ ফুলিব একেলগে। এ আকাশ ফুলা এজাৰে ক’ৰবাত যে প্ৰকৃতিৰ পিয়াহ আৰু বেজাৰ গুচাব….সঁচাই কি যে ভাল লাগিব!” আইমী বৰুৱাৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে এতিয়া বিভিন্ন জনে। বৰ্তমান পৰিপ্ৰেক্ষিতত, নিজৰ লগতে নিজ পৰিৱেশৰ সংৰক্ষণো অত্যন্ত জৰুৰী হৈ পৰিছে। “গছ- গছনি থাকিলেহে জীৱ থাকিব” শীৰ্ষক এটি শাৰী আমাৰ প্ৰতি গৰাকী ব্যক্তিক সৰুৰ পৰাই শিকোৱা হৈছিল যদিও ইয়াক আমি বহুতেই অমান্য কৰি আগবাঢ়ো।

View this post on Instagram

থেকেৰাগুৰিৰ পৰা কাহিকুচি লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪০ কিলোমিটাৰ বাট আমাৰ পৰিয়ালৰ ব্যক্তিগত প্ৰচেষ্টাত ৬০০০ "এজাৰ"ৰ পুলি ৰোপন কৰাৰ লগতে প্রতিপালনৰ দ্বায়িত্বও লৈছোঁ। পুলিখনি ক্ৰমাৎ ঠন ধৰি উঠিছে। সম্পূৰ্ণ গছ হ'ৱলৈ আৰম্ভ কৰিছে। এই বাটৰে অহা যোৱা কৰোতে পুলিবোৰ দেখিলেই মনটো ভাল লাগি যায়। আগ্ৰহৰে বাট চাই আছোঁ সেই দিনটোলৈ যি টো দিনত এই ৪০ কিলোমিটাৰ বাটত এজাৰবোৰ ফুলিব একেলগে। এআকাশ ফুলা এজাৰে ক'ৰবাত যে প্ৰকৃতিৰ পিয়াহ আৰু বেজাৰ গুচাব…….সঁচাই কি যে ভাল লাগিব! Protect our mother nature is our duty. In our family we take this very seriously and in our effort to do so we did a humble begining by taking the obligation planting 6000 Azar tree and to take care of them from, Thekeraguri to Kahikushi covering a distance of 40 km. I cannot wait to see the entire road strech blanketed in pink flowery glory. #plantation #green #nature #love #mothernature #live #tree #care #greenery #life #actress #aimee #aimeebaruah #aimeebaruahofficial

A post shared by Aimee Baruah (@aimeebaruahofficial) on


কিন্তু, এনে সময়ত এগৰাকী অভিনেত্ৰীৰ এনে প্ৰচেষ্টাই উৎসাহিত কৰিছে সকলোকে। কিছুদিন পূৰ্বে আইমী বৰুৱাক বানপীড়িত সকলৰ কাষ চপাও দেখিবলৈ পোৱা গৈছিল। বৰ্নাত্যৰ কাষ চাপি বিভিন্ন ধৰণে সহায় আগবঢ়াইছিল অভিনেত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও, ক’ভিড ১৯ ৰ দৰে এনে মাৰাত্মক মহামাৰীৰ সৈতে যুঁজ দিবলৈ অভিনেত্ৰী গৰাকীয়ে “অসম আৰোগ্য নিধি” লৈ ১ লাখ টকাৰ অনুদানো আগবঢ়াইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform