Rupaliparda.com

এফ.বি.বি ফেমিনা মিছ্ ইণ্ডিয়া ২০১৯ঃ

অসমক প্ৰতিনিধিত্ব কৰি বহু শিল্পী, কলা-কুশলীকে ধৰি খেলুৱৈ অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰি আহিছে। তেনে এক সুন্দৰ পদক্ষেপেৰে আগবাঢ়িছে অসমৰ জীয়ৰী জ্যেতিষ্মিতা বৰুৱা। অহা ১৫ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত অংশগ্ৰহণ কৰি অসমক প্ৰতিনিধিত্ব কৰিবলৈ বিচৰা জ্যেতিষ্মিতাই ইতিমধ্যে অসমৰ জিলাক্ৰমে থকা কিছু ঐতিহ্য তথা অসমৰ নান্দনিক কিছু দৃশ্যৰ অন্তৰ্ভূক্তিৰে ইউটিউবত আপলড কৰিছে এটা সুন্দৰ ভিডিঅ’। য’ত কামাখ্যা দেৱালয়ৰ ভক্তিৰ গভীৰতাকে ধৰি আছে নামঘৰৰ ভকতৰ প্ৰাৰ্থনা, ব্ৰহ্মপুত্ৰৰ চৌপাশৰ মধুৰতা,আহোমৰ ৰং ঘৰ-কাৰেংঘৰ তথা চাহপাত বাগানৰ সুৰসুৰীয়া বাটৰ মাদকতাৰ দৃশ্য।
পৰ্যটনস্থলী কাজিৰঙাৰ এশিঙীয়া গড়কো চিনাকী কৰোৱা হৈছে ভিডিঅ’টিত। অসমস্থিত বিশ্বনাথ চাৰিআলিৰ জীয়ৰী জ্যেতিষ্মিতাৰ ভিডিঅ’টি প্ৰযোজনা কৰিছে “ককচ্ এণ্ড কিংচ গেটাৱে গডেছে”। আগন্তুক ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী মডেলৰ ভিডিঅ’ৰ লগতেই অন্তৰ্ভূক্ত কৰা হ’ব অসমক চিনাকী কৰোৱা উক্ত ভিডিঅ’টি।

Image Source: newspopx.com

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform