Rupaliparda.com
মুকাভিনয়ৰে ক'ৰ'ণাক লৈ সজাগ কৰাৰ চেষ্টা শিল্পী মিনাংকৰঃ 1

মুকাভিনয়ৰে ক’ৰ’ণাক লৈ সজাগ কৰাৰ চেষ্টা শিল্পী মিনাংকৰঃ

ক’ৰ’ণা ভাইৰাছে জনসাধাৰণক সন্ত্ৰাসগ্ৰস্ত কৰি তোলাৰ উপৰিও ৰাইজক অধিক ভ্ৰমিতহে কৰিছে। ক’ৰ পৰা কেনেদৰে ই বিয়পে অথবা ইয়াক কেনেদৰে ৰোধ কৰিব পাৰি; এইবোৰক লৈ চচিয়েল মিডিয়াত অধিক হাৰত শ্বেয়াৰ কৰা হৈছে পোষ্ট অথবা ভিডিঅ’। ফলত, ৰাইজৰ মাজলৈ সঁচাৰ পৰিৱৰ্তে কিছু ভুৱা বাৰ্তা অহাহে পৰিলক্ষিত হৈছে। এনেক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্ন জনে নিজ নিজ অনুৰাগীৰ মাজত ক’ৰ’ণা ভাইৰাছক লৈ কেনেদৰে সজাগ হৈ থাকিব পাৰি তাক অতি সুন্দৰকৈ ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি চচিয়েল মিডিয়াত আপলোড কৰিছে। ক’ৰ’ণাৰ যি ভয়াৱহতা তাৰ ফলত অসম চৰকাৰে ইতিমধ্য শিক্ষানুষ্ঠান সমূহৰ লগতে বন্ধ দিছে চুইমিং পুল, চিনেমা হ’ল ইত্যাদি। ইয়াৰ উপৰিও, যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত মাহৰ ২২ তাৰিখে অৰ্থাৎ অহা দেওঁবাৰে পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ “জনতা কাৰফিউ” ধাৰ্য্য কৰে। এইখিনিতে, মন কৰিবলগীয়া যে; চেলিব্ৰটীৰ সমূহৰ সমান্তৰালকৈ এতিয়া মুকাভিনয় ক্ষেত্ৰখনেও চেষ্টা কৰিছে মুকাভিনয়েৰে দৰ্শকক সজাগ কৰিবলৈ। ক’ৰ’ণাৰ পৰা ল’বলগীয়া সতৰ্কতা সমূহক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে এটা ভিডিঅ’।

মুকাভিনয়ৰে ক'ৰ'ণাক লৈ সজাগ কৰাৰ চেষ্টা শিল্পী মিনাংকৰঃ 2


ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছে এই ভিডিঅ’টো। তেওঁৰ লগতে এই ভিডি’টোত সহযোগ কৰে ভাবনা বৰ্মণ, ভাৰ্গৱ জ্যোতি শৰ্মা, ৰিকি চৌধুৰী, কুশল নাথ আৰু শ্যামন্তিকা দত্তই। ইয়াত চিনেমেটো’গ্ৰাফী হৈছে জ্যোতিষ্মান আৰু দেৱব্ৰত দাসৰ লগতে ভিডিঅ’ সম্পাদনাৰ লগতে গ্ৰাফিক্স দিছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যই। পূৰ্বতেও আমাৰ প্ৰকৃতিক জীয়াই ৰাখিবলৈ মুকাভিনয় শিল্পী গৰাকীয়ে কৰিছিল বিভিন্ন প্ৰচেষ্টা।


“মিছন চেভ দীপৰ বিল”, “নিৰ্বাক যাত্ৰা” আদিৰ উপৰিও মিনাংক ডেকাই অলপতে আৰম্ভণি কৰিছে আন এক গঠনমূলক কাৰ্যসূচী। ইয়াৰ নাম হৈছে “স্বচ্ছতা ১০১”। সামাজিক সাংস্কৃতিক সংন্থা “সমলয়” ৰ উদ্যোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীখনক উদ্দেশ্যি কাছাৰী ঘাটত কেইবাগৰাকীও মুকাভিনয় শিল্পীৰ দ্বাৰা বিভিন্ন স্বচ্ছতামূলক শ্লোগানেৰে নাট প্ৰদৰ্শন কৰা হৈছিল। আছলতে, কোৱা বাহুল্য যে মুকাভিনয় হৈছে এনে এক কলা যিয়ে কোনো শব্দৰ প্ৰয়োগ নকৰাকৈ সোমাই যাব পাৰে দৰ্শকৰ হৃদয়ত। গতিকে, এনে প্ৰচেষ্টা সমূহৰ দ্বাৰা সমাজ সংস্কাৰৰ দায়িত্ব লোৱা মিনাংক ডেকাক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform