Rupaliparda.com
কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিক "কাজলপ্ৰিয়া" ৰ আৰম্ভণিঃ 1

কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিক “কাজলপ্ৰিয়া” ৰ আৰম্ভণিঃ

পুনৰবাৰ নতুন এখন ধাৰাবাহিকে খলকনি লগাইছে টেলিভিছন ক্ষেত্ৰত। ক’ৰ’ণা ভাইৰাছৰ ফলত মনোৰঞ্জন ক্ষেত্ৰখন কিছু সময়ৰ বাবে স্তব্ধ হৈছিল যদিও বৰ্তমান ই পূৰ্ণৰূপত আকৌ এবাৰ মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে। আগন্তুক ছবি সমূহৰ সমান্তৰালকৈ এইবাৰ ধাৰাবাহিক ক্ষেত্ৰখনত ইখনৰ পিছত সিখন নতুন ধাৰাবাহিকৰো সংযোজন ঘটিছে; তেনে এখন ধাৰাবাহিক হৈছে “কাজলপ্ৰিয়া”। চলিত মাহৰ ১৫ তাৰিখৰ পৰা সম্প্ৰচাৰ হৈ থকা এই ধাৰাবাহিকখন মুকলিৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা। অমৰজ্যোতিৰ পৰিচালনা আৰু সংলাপেৰে নিৰ্মিত এই ধাৰাবাহিক খনত থকা কাহিনীভাগে ইতিমধ্যে দৰ্শকক টানিবলৈ সক্ষম হৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬ বজাত লগতে নিশা ৯.৩০ আৰু ১১.৩০ বজাত সম্প্ৰচাৰিত “কাজলপ্ৰিয়া” ক কামৰূপা ক্ৰিয়েচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভাৰত কলিতাই। উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত বিগত সময়ত মুক্তি লাভ কৰা ধাৰাবাহিক “নুপূৰ”, “কাঞ্চন” আৰু “দামিনী” ৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়।

কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিক "কাজলপ্ৰিয়া" ৰ আৰম্ভণিঃ 2


তিনি মূখ্য চৰিত্ৰৰ বন্ধুত্ব, প্ৰেম, বিষাদক লৈয়ে নিৰ্মাণ কৰা হৈছে ধাৰাবাহিক “কাজলপ্ৰিয়া”। কাজলপ্ৰিয়া,ৰুক্মাজিৎ আৰু মৰম বৰুৱাৰ কাহিনী সন্নিৱিষ্ট এই ধাৰাবাহিক খনত দৰ্শকে প্ৰেমময় অনুভূতিৰ সোঁৱাদ লাভ কৰাৰ উপৰঞ্চি পাব বন্ধুৰ মাজত থকা দায়বদ্ধতা। বন্ধুৰ ইচ্ছা-অনিচ্ছাক কেন্দ্ৰ কৰি নিজেই নিজৰ সুখক এলাগী কৰি আগবঢ়া কিছু ঘটনাও ইয়াত দেখিবলৈ পাব অসমীয়া দৰ্শকে। আচলতে, অসমীয়া ধাৰাবাহিক সমূহক বৰ্তমান দৰ্শকে জনোৱা সঁহাৰি লেখত ল’বলগীয়া বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। বিভিন্ন জন ন-পূৰণি শিল্পীৰ অভিনয়ৰে নিৰ্মিত উক্ত ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে ভাৰ্গৱ দাস।

কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিক "কাজলপ্ৰিয়া" ৰ আৰম্ভণিঃ 3


ধাৰাবাহিকখনত অভিনয় কৰিছে ক্ৰমে প্ৰতিভা চৌধুৰী, মাধুৰিমা চৌধুৰী, ৰূপম চেতিয়া, ডলা পৌল, অৰ্ণৱ আয়ান, হিমাংশু গগৈ, ৰূপম বৰুৱা আৰু কাকলি সন্দিকৈয়ে। অসমীয়া বিভিন্ন সমূহ বিষয়বস্তুৰ সৃষ্টিত এতিয়া উৎসাহী অসমীয়া দৰ্শকো। আহিবলগীয়া সময়তহে বোধগম্য হ’ব উক্ত ধাৰাবাহিকখনে টানিব আৰথ কিমানৰ মন?

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform