Rupaliparda.com
"নিঁচুকনি" আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ"- তৰালী শৰ্মা 1

“নিঁচুকনি” আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ”- তৰালী শৰ্মা

সংগীতৰ মনুষ্যৰ মন গহ্বৰৰ সৈতে এক এৰাব নোৱাৰা বুজা-বুজি থাকে। আপোনাৰ, মোৰ, আমি আটাইয়ে এই অনুভূতিটোক চুমুক দি নিজৰ কৰি পাইছো। সংগীতৰ লগতে তাত থকা কন্ঠটো শ্ৰোতাৰ বাবে ইমানেই আপোন হৈ পৰে যে তাক বাৰম্বাৰ শুনাৰ পিছতো যেন ক’ৰ’বাৰ পৰা আকৌ কোনোবাই কয় “আস…হোৱা নাই; আৰু অকণমান শুনি লওঁ”। “আহিবা তুমি দুপৰ নিশা” অথবা “অনুৰাগ তোমাৰ বাবে” আৰু যে ক’ত কিমান; এই গীত কেইটাৰ প্ৰতি থকা আৱেগক বাৰু আপোনালোকে কেতিয়াবা শব্দৰে মালা গুঠি অথবা কলমৰ পিঁয়লাৰে কাগজত নিগৰাই প্ৰকাশ কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে; নোৱাৰাটোৱে আচলতে স্বাভাৱিক। তৰালী শৰ্মা; কোমল কন্ঠস্বৰেৰে অনুৰাগীক সহজতে আকৰ্ষিত কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ গীত সমূহ বুকুত বান্ধি অনুৰাগী সজীৱ হৈ থাকে বুলি ক’লেও হয়টো কোনো ক্ষেত্ৰতেই অতিৰঞ্জিত নহ’ব। এইবাৰ সংগীতৰ সমান্তৰালকৈ তেওঁ পৰিচালনাৰ ক্ষেত্ৰখনতো ভুমুকিয়াইছিল; ৰূপালীপৰ্দাৰ ফালৰ পৰা এই বিষয়ে তেওঁৰ সৈতে পাতিছিলো কিছু কথা। “পৰিচালক” ৰূপে মনোৰঞ্জন ক্ষেত্ৰখনলৈ আহিব নেকি বুলি সোধাত তেওঁ কৈছিল যে,

"নিঁচুকনি" আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ"- তৰালী শৰ্মা 2

“আচলতে, এই আটাইবোৰ বস্তু এটা আনটোৰ সৈতে সন্নিৱিষ্ট হৈ আছে । সংগীত বুলি ক’লে আমি গীত, নৃত্য, বাদ্য এই তিনিটা বস্তুক বুজি পাওঁ । “সংগীত” মানে আমাৰ মনৰ নিভৃত কোণত স্থিতি লাভ কৰি থকা আৱেগ আৰু অনুভূতিৰ শব্দ, সুৰ আৰু তালেৰে প্ৰকাশ কৰা মাধ্যম। কেতিয়াবা এটা “কবিতা” ও সংগীতলৈ ৰূপান্তৰ হ’ব পাৰে, ঠিক তেনেদৰে “চিনেমা সমূহো “সংগীত” ৰ এক অংশ” হ’বও পাৰে। যিহেটো মই ছবিৰ সৈতে জড়িত হৈ থাকো; তাত থকা গীত, আৱহ সংগীত পৰিচালনাৰ সৈতে জড়িত হৈ থাকো, চিনেমা এখন পৰিচালনাৰ ক্ষেত্ৰত এক ইচ্ছা সদায় থাকেই। ই আচলতে সপোনৰ দৰে আৰু সেই সপোন কেতিয়াবা বাস্তৱলৈ পৰিণত হ’ব বুলি মইও সপোন দেখো। মই বহু গুণী-জ্ঞানী ছবি পৰিচালকৰ সৈতে কাম কৰিছো আৰু প্ৰত্যেকজন পৰিচালকৰে ছবি নিৰ্মাণৰ নিজস্ব শৈলী আছে। তেওঁলোকৰ পৰা বহু সময়ত ছবিৰ বহু দিশৰ বিষয়ে জানিছো আৰু শিকিছো ।


“নিঁচুকনি” আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ। এখন চিনেমা নিৰ্মাণৰ কাৰ্য মই “নিচুঁকনি” ৰ মাজেৰে শিকিবলৈ প্ৰয়াস কৰিছো। আমাৰ সমাজ খনত সাম্প্ৰতিক পৰিস্থিতিৰ কেইবাটাও লেয়াৰ দেখা পাওঁ। সমাজত ঘটি থকা ঘটনাবোৰ তথা কৰ্মক্ষেত্ৰৰ ঘটনাবোৰ, এফালে আৱেগ, এফালে মানৱতা ও নিজ ঘৰখন, এফালে কৰ্তব্য, কৰ্ম এই আটাইবোৰৰ মাজত যেতিয়া নিজৰ সন্তানটোক নিচুঁকাই শোঁৱাপাটীলৈ লৈ যাব নোৱাৰা অভিভাৱকৰ যি বেদনা এয়া আচলতে কৈ বুজাব নোৱাৰা বিধৰ। গতিকে সমাজৰ এইবোৰ সৰু সৰু কথাক লৈ, যিবোৰ সাধাৰণ অথবা সামাজিক হৈও ব্যক্তিগত হ’ব পাৰে এই আটাইবোৰৰ পটভূমি হৈছে “নিঁচুকনি”। লক-ডাউনত এই ছবি নিৰ্মাণৰ বিষয়ে অকণমান হ’লেও জানিবলৈ “নিঁচুকনি” কৰাৰ কথা ভাবিলো। এই সময়ৰ অত্যন্ত প্ৰতিভাশালী অভিনেতা বলোৰাম দাসলৈ ফোন কৰিলো আৰু “নিঁচুকনি” ছবিখনত অভিনয় কৰিব নেকি সুধিলো। তেওঁ এবাৰতেই কৰিম বুলি কোৱাত দুগুণে উৎসাহ বাঢ়িল মোৰ আৰু তেওঁৰ অভিনয়ে “নিচুঁকনি” ক বহু ওপৰলৈ লৈ গ’ল। মোৰ প্ৰথমখন চিনেমাতেই তেওঁৰ উপস্থিতিৰ বাবে মই তেওঁৰ ওচৰত সদায়ে কৃতজ্ঞ। মোৰ ভাতৃপ্ৰতিম ঝুলন কৃষ্ণ মহন্ত আৰু তেওঁৰ পত্নী গাৰ্গী মহন্তৰ কামে ছবিখনৰ ক্ষেত্ৰত মোক যথেষ্ট সহায় আগবঢ়ালে আৰু তেওঁলোকৰ কামে মোৰ ছবিখন অধিক ধুনীয়াকৈ উপস্থাপন কৰাত সহায় কৰিলে। এই ছবিখন মোৰ বাবে আৰু এটা কাৰণত বিশেষ হৈ ৰ’ব; ইয়াত অভিনয় কৰিছিল মোৰ ল’ৰা ৰে আৰু মোৰ মায়ে। ধন্যবাদৰ পাত্ৰ অৱশ্যে মোৰ স্বামী জিন্তু; তেখেতে শব্দ সংমিশ্ৰণ আৰু দৃশ্যগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, বলোৰামৰ পত্নী টিনা ভাটিয়া লৈও ধন্যবাদ জ্ঞাপন কৰিছো; তেওঁয়ো দৃশ্যগ্ৰহণ কৰাত সহায় আগবঢ়াইছিল। পৰীক্ষামূলক ভাৱে নিৰ্মাণ কৰা “নিচুঁকনি” মোৰেই এক ক্ষুদ্ৰ প্ৰয়াস মাথো।”

https://youtu.be/uSAYJZKv7kM

"নিঁচুকনি" আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ"- তৰালী শৰ্মা 3


সদ্যমুক্তিপ্ৰাপ্ত, তৰালী শৰ্মাৰ “সাঁজৰ তৰা” শীৰ্ষক গীতটিৰ বিষয়েও কন্ঠশিল্পী গৰাকীয়ে কয় যে, “শ্ৰদ্ধাৰ হীৰেন ভট্টাচাৰ্য্য দেৱৰ লগত এবাৰ ২০০৭ চনত গীত আৰু কবিতাৰ কথা পাতি থাকোতে তেওঁক তেওঁৰেই গীত বা কবিতা মই সুৰ কৰি গাব পৰাকৈ তেওঁকেই পচন্দ কৰি দিবলৈ কৈছিলো। দুদিন পিছত তেখেতে হাতে লিখি মোলৈ লৈ আনিছিল তেখেতৰ পাঁচটা গীত। সেই পাঁচটা গীতৰ মাজৰ পৰা মই তিনিটি গীতৰ সুৰ কৰিছিলো; “সাঁজৰ তৰা”, “মন কমুৱা তুলাৰ দৰে” আৰু “ৰণুৱা ঘোঁৰা”। “সাঁজৰ তৰা”, “মন কমুৱা তুলাৰ দৰে” গীত দুটি ২০০৮ চনত মুক্তি পোৱা মোৰ “মুকলি” এলবামটোত সন্নিৱিষ্ট কৰিছিলো।

"নিঁচুকনি" আচলতে মোৰ বাবে এটা লাৰ্ণিং প্ৰচেছ"- তৰালী শৰ্মা 4

এই গীতকেইটিৰ কথা প্ৰায়ে বহুতে সোধে আৰু বিচাৰে সেয়েহে “লক-ডাউন” ৰ সময়ছোৱাত প্ৰায় মানুহক গীতৰ লিৰিকেল ভিডিঅ’ কৰি আগবঢ়াবলৈ ঠিৰাং কৰিলো আৰু “সাঁজৰ তৰা” গীতটোক বহুতৰেই অনুৰোধ মৰ্মে লিৰিকেল ভিডিঅ’ কৰি প্ৰস্তুত কৰিছো। গীতটিৰ মিউজিক ট্ৰেক কৰিছিল শ্ৰদ্ধাৰ সংগীতশিল্পী পৱন ৰচাইলি আৰু গীতটিত বাঁহী বজাইছিল বিশিষ্ট বাঁহীবাদক আশ্বিন শ্ৰীনিৱাসনে। গীতটিত এনিমেশ্বনৰ লগতে ইয়াৰ সম্পাদনাৰ দায়িত্বত আছিল উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য আনহাতে থ্ৰী ডি মডেলিং কৰিছিল উদ্দীপন ভট্টাচাৰ্য্যই আৰু লগতে মোৰ চুটি ছবি আৰু গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছিল অভিজিৎ লস্কৰে। গীতটিৰ সৈতে জড়িত আটাইবোৰকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰীমা তোমাকো। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাই সঁচাকৈ মোকো আপ্লুত কৰিছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform