Rupaliparda.com
প্ৰকৃতিৰ বুকুত চাইকেল চলাই শৰীৰ চৰ্চা আচুৰ্য বৰপাত্ৰৰঃ 1

প্ৰকৃতিৰ বুকুত চাইকেল চলাই শৰীৰ চৰ্চা আচুৰ্য বৰপাত্ৰৰঃ

এটা জীৱন যাত্ৰা নিৰবিচ্ছিন্নভাৱে চলাই নিবলৈ বাৰু কিহৰ প্ৰয়োজন হয়? সুস্থ মানসিকতাৰ লগতে এটা সুস্থ শৰীৰৰো নিশ্চয় প্ৰয়োজন। “ক’ভিড ১৯” দৰে এই মাৰাত্মক মহামাৰীয়ে একোজন জনসাধাৰণৰ মানসিক স্থিতিত কিছু পৰিমাণে হ’লেও খেলি-মেলিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। মানসিক ৰোগীৰ সংখ্যাও এইকেইদিনত বৃদ্ধি হৈছে বুলি বাৰম্বাৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰাও হয়টো আপোনালোকে দেখিছে। এনে ক্ষেত্ৰত আচলতে অত্যন্ত প্ৰয়োজন হৈ পৰে ব্যক্তিবিশেষৰ মানসিক স্থিতিক সষ্টম কৰি ৰখাটো। এনেধৰণৰ এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে এগৰাকী সংগীত শিল্পীয়ে।

https://www.instagram.com/tv/CCPzdwoljUB/?utm_source=ig_web_copy_link

প্ৰায়ে প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এই গৰাকী কন্ঠশিল্পীয়ে ধনশিৰি চাইকেল ক্লাৱৰ একাংশ সদস্যৰ সৈতে চাইকেল চলাই প্ৰকৃতিৰ মাজেৰে আগবাঢ়ি কৰিছে শৰীৰ চৰ্চা; বিগত দিনৰ পৰা জিম বন্ধ হৈ থকাত এয়া এক শৰীৰ চৰ্চাৰ উত্তম উপায় বুলিও মন্তব্য কৰিছে কন্ঠশিল্পী গৰাকীৰ একাংশ অনুৰাগীয়ে। এই গৰাকী কন্ঠশিল্পী হৈছে আচুৰ্য বৰপাত্ৰ। এখন চাইকেল চলাই নীলা ছাদৰ উৰি সেউজীয়াৰ বুকুৰে আগবঢ়া কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই এইখিনি সময়ত সঁচাকৈ একোজন ব্যক্তিৰ মানসিক স্থিতিক অথবা নিজ শৰীৰটো সবল কৰাত সহায় কৰিছে। প্ৰকৃতিয়ে প্ৰত্যেকৰে জীৱনলৈ সুখ-সন্তোষ কঢ়িয়াই অনাত সহায় কৰে; কন্ঠশিল্পী গৰাকীয়ে এনে মানসিকতা লৈয়ে যেন বাৰ্তা প্ৰদান কৰিছে জনসাধাৰণক।

https://www.instagram.com/p/CCFjTd4FB7q/?utm_source=ig_web_copy_link


উল্লেখ্য যে, সদ্যমু্ক্তিপ্ৰাপ্ত তেওঁৰ এটি গীত “তোৰহে জিৰণি নাই” য়ে ইতিমধ্যে লাভ কৰিছে দৰ্শক ও শ্ৰোতাৰ বহুল সঁহাৰি। ৫ জুন তাৰিখ অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা মুক্তিপ্ৰাপ্ত এই গীতটিত প্ৰকৃতিয়ে মনুষ্যক দিয়া প্ৰশান্তি আৰু তাৰ বিপৰীতে প্ৰকৃতিয়ে অহৰহ কৰি থকা কৰ্মক উদ্দেশ্যি গীতটিক ৰচনা কৰা হৈছিল। উক্ত গীতটিত পৰিৱেশ কৰ্মী দুগৰাকীকো দেখিবলৈ পোৱা গৈছিল। যাদৱ পায়েং আৰু মনোজ গগৈৰ উপস্থিতিয়ে আচুৰ্য বৰপাত্ৰৰ উক্ত গীতটিক মনোগ্ৰাহী কৰি তুলিছিল। আচুৰ্য বৰপাত্ৰৰ গীত আৰু কিছু ক্ষেত্ৰত তেওঁ কৰা ব্যতিক্ৰমী প্ৰয়াসে তেওঁৰ প্ৰতি ইতিমধ্যে আকৰ্ষিত কৰি তুলিছে দৰ্শকক।

প্ৰকৃতিৰ বুকুত চাইকেল চলাই শৰীৰ চৰ্চা আচুৰ্য বৰপাত্ৰৰঃ 2


গীতৰ সমান্তৰালকৈ কৰা কন্ঠশিল্পী গৰাকীৰ মহানুভৱতাৰো নিৰ্দশন পোৱা গৈছে। “লক-ডাউন ১.০” চলি থকা সময়ছোৱাত আচুৰ্য্য বৰপাত্ৰই অৰ্থনৈতিকভাৱে পিছপৰি ৰোৱা একাংশৰ সহায়ৰ বাবে “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল অনুদান।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform