Rupaliparda.com
ছাত্ৰ সমাজৰ সৈতে একযোঁট হৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা দীপলিনা ডেকাৰ লগতে অইন শিল্পীৰ: 1

ছাত্ৰ সমাজৰ সৈতে একযোঁট হৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা দীপলিনা ডেকাৰ লগতে অইন শিল্পীৰ:

প্ৰতিটো সময়ত একোটা বেয়া খবৰেই যেন টোকোৰ মাৰিছে দুৱাৰত; এপিনে য’ত ক’ৰোনাৰ সন্ত্ৰাস আনপিনে ৰাজ্যত প্ৰাকৃতিক দূৰ্যোগ বানপানীৰ বিভীষিকা। এফালে সামাজিক সংক্ৰমণৰ বলি হৈছে হাজাৰ হাজাৰ লোক আৰু তাৰ বিপৰীতে বানপানীয়ে প্ৰাণ লৈছে শ শ পৰিয়ালৰ। চাৰিওঁফালে সৃষ্টি হৈছে হাঁহাকাৰময় পৰিস্থিতিৰ। এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ লগতে বানপীড়িত সকলৰ বাবে সহায়ৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰিক সম্প্ৰচাৰৰ দাবী জনাইছিল ৰাজ্যৰ বিভিন্নখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। ছাত্ৰ সমাজৰ এই প্ৰচেষ্টাৰ সৈতে যোগ দিছিল অসমীয়া কেইবাগৰাকীও শিল্পী-কলা কুশলীয়ে। চচিয়েল মিডিয়া ব্যক্তিবিশেষৰ এক গুৰুত্বপূৰ্ণ মাধ্যম; ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী হৈছে টুইটাৰ। ইয়াত প্ৰত্যেকদিনাই ভিন্ন বিষয়ৰ আলোচনা সম্পন্ন হয়; গতিকে এই মাধ্যমটোকে অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰি বিভিন্ন অসমীয়া শিল্পীয়ে ব্যৱহাৰ কৰিছিল কেইটামান নিৰ্দ্দিষ্ট হেছটেগৰ। এই হেছটেগ কেইটা আছিল ক্ৰমে #AssamNeedsHelp #Assamflood #AssamIsDrowning

https://www.instagram.com/p/CCpyG5IlXmx/?utm_source=ig_web_copy_link

কন্ঠশিল্পী দীপলিনা ডেকাই নিজেও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এটি ভিডিঅ’যোগে এই কথা ব্যক্ত কৰাৰ লগতে টুইটাৰতো অসমৰ বান সমস্যাক টুইট কৰে। কেৱল মাত্ৰ দীপলিনা বুলিয়ে নহয় তেওঁৰ সৈতে লগ দিয়ে আচুৰ্য্যৰ বৰপাত্ৰ ও আন কেইবাগৰাকীও কন্ঠশিল্পীয়ে। প্ৰত্যেকটো বৰ্ষৰ দৰেই এইটো বছৰো অসমীয়া ৰাইজে একেখিনি অসুবিধাৰ সন্মুখীন হৈছে; এনেবোৰ বিষয়ত সৰ্বসাধাৰণ ৰাইজৰ লগত সদায় একযোঁট হৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে অসমীয়া শিল্পী সমূহক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ এনে অৱস্থাক আওঁকান কৰাক লৈ ক্ষোভিত হৈ পৰিছিল বিভিন্ন জন। কিছুদিনপূৰ্বে বৰ্ণালী কলিতাইও এটি পোষ্ট যোগে বানপীড়িতক সমবেদনা জ্ঞাপন কৰিছিল।


উক্ত বৰ্ণালীৰ পোষ্টটোতেই ৰবি শৰ্মাইও দুখ প্ৰকাশ কৰি কৈছিল যে “এয়া দুখ লগা পৰিস্থিতি আৰু ইয়াতকৈ অধিক দুখলগা হৈছে যে মই তেওঁলোকক কোনোধৰণৰ সহায় আগবঢ়াব পৰা নাই।” শিল্পী সমূহৰ এনে সময়ত তেওঁলোকে নিজ মানুহখিনিৰ বাবে দেখুওৱা মহানুভৱতাই আকৰ্ষণ কৰে ৰাজ্যবাসীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform