Rupaliparda.com
নৃত্যশিল্পী ৰাজ পালৰ অসমবাসীলৈ অনুৰোধঃ 1

নৃত্যশিল্পী ৰাজ পালৰ অসমবাসীলৈ অনুৰোধঃ

“লক-ডাউন” অথবা “ক’ভিড ১৯” য়ে চলিত বৰ্ষৰে পৰা পৰিৱেশ্যে কলাৰ সৈতে জড়িত একাংশ শিল্পীৰ জীৱনলৈ কঢ়িয়াইছে অমাৱশ্যা। নিজ প্ৰতিভা ঘৰৰ ভিতৰতেই আৱদ্ধ কৰি ৰাখি বৰ্তমান শিল্পী সকলে যুঁজ দিছে জীয়াবলৈ; এনে বহু উদাহৰণ ইতিমধ্যে আপোনালোকে বহু সংবাদপত্ৰ অথবা টেলিভিছন যোগে পাইছে। কিন্তু এই “লক-ডাউন” অথবা “ক’ভিড” ৰ পূৰ্বেই এগৰাকী উদীয়মান নৃত্যশিল্পীৰ জীৱনলৈ নামিছিল অমানিশা। এগৰাকী নৃত্যশিল্পী আৰু এটা ৰে’ল দূৰ্ঘটনা; দূৰ্ঘটনাটোত সৰ্বস্ব হেৰুৱাই বিগত এটা বছৰে শয্যাগত হৈ আছে নৃত্যশিল্পী গৰাকী। গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ বাসিন্দা ৰাজ পাল পেছাত এগৰাকী নৃত্য পৰিচালক। মিউজিকৰ স্নাতক মহলাৰ ছাত্ৰ ৰাজ পালে তিনি খনলৈ নৃত্য স্কুলৰ পৰিচালনা কৰিছিল। বিগত বৰ্ষৰ জুন মাহতে হোৱা এটা ৰে’ল দূৰ্ঘটনাত ৰাজ পাল গুৰুত্বৰ ভাৱে আহত হৈ বৰ্তমানলৈও শয্যাগত হৈ আছে নৃত্যশিল্পী গৰাকী।

নৃত্যশিল্পী ৰাজ পালৰ অসমবাসীলৈ অনুৰোধঃ 2

কিন্তু, এইবাৰ নৃত্যশিল্পীৰ লগতে তেওঁৰ সমষ্ট পৰিয়ালৰ সদস্যই জনসাধাৰণলৈ জনাইছে আহ্বান।দুটাকৈ গম্ভীৰ অস্ত্ৰোপচাৰ আৰু কেইবাদিনলৈ ভেন্টিলেচনত থকা ৰাজ পালে এতিয়ালৈ নিজ বিষ-বেদনাৰ পৰা লাভ কৰা নাই অব্যাহতি। ২৪ ঘন্টাই বিষত জৰ্জৰিত হৈ থকা এই নৃত্যশিল্পী গৰাকীক আকৌ নতুনকৈ দুটা প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন। জি.এম.চি.এইচত নিজ চিকিৎসা কৰোৱা ৰাজ পালে বৰ্তমান ৰাইজৰ ওচৰত অকণমান সহায় বিচাৰিছে। তেওঁৰ হ’বলগীয়া এই প্লাষ্টিক চাৰ্জাৰীত তেওঁক অতিকমেও ৪-৫ লাখ টকাৰ প্ৰয়োজন আৰু এই মোটা ধন যোগাৰ কৰিবলৈ অপৰাগ ল নৃত্যশিল্পী গৰাকীৰ মধ্যবিত্ত পৰিয়ালটো। গতিকে, কোনো ব্যক্তিয়ে যদি এই নৃত্যশিল্পী গৰাকী সহায় আগবঢ়াবলৈ বিচাৰিছে তেন্তে যোগাযোগ কৰক ৮৬৩৮২৯৪৮৬১/৯৬১৩৯৭২২৯৫ নম্বৰত। লগতে, আৰ্থিক সহায়ৰ বাবে তলত বেংক একাউন্ট দি দিয়া হৈছে-

নৃত্যশিল্পী ৰাজ পালৰ অসমবাসীলৈ অনুৰোধঃ 3

Name Raj paul
Account no: 502910110002199
IFSC code:BKID0005029
Branch: silpukhuri
Bank: bank of India


নৃত্যশিল্পী ৰাজ পাললৈ আপোনালোকে আগবঢ়োৱা অতি কম মূল্যও কৰিব সহায়। গতিকে, অকণমান সঁহাৰি জনাই শিল্পী গৰাকীক পুনৰ সূস্থ হৈ হোৱাত সহায় কৰক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform