Rupaliparda.com
বৰ্নাত্যলৈ সহায় মন্টুমণি শইকীয়াকে ধৰি আন কেইবাগৰাকীও কন্ঠশিল্পীৰঃ 1

বৰ্নাত্যলৈ সহায় মন্টুমণি শইকীয়াকে ধৰি আন কেইবাগৰাকীও কন্ঠশিল্পীৰঃ

বৰ্নাত্যলৈ সহায় আগবঢ়াবলৈ এইবাৰ আগবাঢ়িছে অসমীয়া কন্ঠশিল্পী সকল। কন্ঠশিল্পী মন্টুমণি শইকীয়াকে ধৰি ভৃগু, গীতালী, নিৰ্মালী, ৰূপালীয়ে একযোঁট হৈ বানপীড়িত সকলৰ কাষ চাপে আৰু খাদ্য-বস্তুৰ ফালৰ পৰা বিভিন্ন ধৰণে সহায় আগবঢ়ায়। নলবাৰীৰ অন্তৰ্ভূক্ত বৰ শিমলু গাঁওত উপস্থিত হৈ এই সাহায্য বিতৰণ কৰে কন্ঠশিল্পী কেইগৰাকীয়ে। প্ৰতি বছৰৰ দৰে এইবছৰো বানে মাধমাৰ দিয়া পৰিয়ালসমূহে আশ্ৰয় ল’বলগীয়া হৈছে ভিন্ন আশ্ৰয় শিবিৰত; কিছুমানে কেৱল নিজক বহুৱাবলৈ অকণ মান ঠাইহে পাবলৈ সক্ষম হয়। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি ভিন্নটা সমস্যাত জৰ্জৰিত হৈ থকা এই সকল বৰ্নাত্যলৈ কন্ঠশিল্পী কেইগৰাকীয়ে আগবঢ়োৱা সহায় লেখত ল’বলগীয়া। বন্ধুত্বৰ দিনটোত কন্ঠশিল্পী কেইগৰাকীৰ মাজৰ বন্ধুত্বৰ এনাজৰীৰে সহায় আগবঢ়াবলৈ পাই কন্ঠশিল্পী কেইগৰাকীও সুখী হৈছে বুলি প্ৰকাশ কৰে। মন্টুমণি ইনষ্টাগ্ৰাম যোগে লিখে যে,

“হাঁহি বিলাই দিয়া, পৃথিৱীখন সুখেৰে উপচি পৰিব”

বানসাহায্য বিতৰণ কাৰ্য্যসূচী
স্থান – বৰ শিমলুৱা গাঁও।
জিলা – নলবাৰী , অসম।
তাৰিখ – ১/৮/২০২০

যিসকল হৃদয়বান লোকে দেশ বিদেশৰ পৰা আমাৰ এই কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াইছে তেখেত সকলোলৈ আমাৰ অন্তৰৰ পৰা ধন্যবাদ আৰু সেৱা জনাইছো।

বন্ধুত্বৰ এই বিশেষ দিনটোত আমাৰ বন্ধুত্বৰ এনাজৰীৰে ৰাইজৰ সহযোগত গঢ়ি উঠা এটি কার্যসূচীৰ কিছু স্মৃতি সাঁচি ৰাখিলো।

পৰৱৰ্তী স্থান আৰু সাহায্য বিতৰণ কাৰ্য্যসূচীৰ বিৱৰণ Facebook মাধ্যমৰ জৰিয়তেই জনাই যাম।


সংগীতৰ সমান্তৰালকৈ সমাজৰ প্ৰতি এওঁলোকে দেখুওৱা নিজৰ দায়িত্ববোধে বৰ্তমান আকৰ্ষণ কৰিছে প্ৰত্যেককে। পৰৱৰ্তী সময়ত যে আকৌ বিভিন্ন ঠাইত উপস্থিত হ’ব এওঁলোক; এতিয়া সেই কথাই উৎসাহিত কৰিছে জনসাধাৰণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform