Rupaliparda.com
কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ ক'ৰোণা পজিটিভঃ 1

কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ ক’ৰোণা পজিটিভঃ

জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ ক’ৰোণাত আক্ৰান্ত। ক’ভিডৰ লক্ষণ দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী গৰাকীৰ দেহত। শুকুৰবাৰে বিয়লি কন্ঠশিল্পী গৰাকীৰ দেহত ক’ৰোণা ৰিপোৰ্ট পজিটিভ অহা পিছতেই হোম কোৱাৰেন্টাইনত গৈছে শিল্পী গৰাকী। কিছুদিন পূৰ্বে শিল্পী গৰাকীয়ে বৰ্নাত্যক সহায় কৰিবলৈও আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছিল। কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁও শিলজুৰি আৰু গোসাঁনীবৰ গাঁওৰ মুঠ ২০০ টা পৰিয়ালৰ কাষ চাপি তেওঁলোকক দৈনিক ব্যৱহাৰৰ বাবে সামগ্ৰী প্ৰদান কৰাৰ উপৰিও চেনিটাৰী নেপকিন প্ৰদান কৰে। ইয়াৰ লগতে, ধনশিৰি চাইক্লিং ক্লাৱৰ সদস্য আৰু আচুৰ্য্য বৰপাত্ৰই লগ হৈ সম্প্ৰতি পৰিস্থিতিত শিক্ষাৰ পৰা বঞ্চিত হৈ থকা একাংশ শিশু সকলৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক কিছু কুইজৰ কিতাপ, সাধু কিতাপ, কাগজ, কলম আৰু পেঞ্চিলো আগবঢ়াইছিল।

কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ ক'ৰোণা পজিটিভঃ 2


আচুৰ্য্য বৰপাত্ৰৰ বিষয়ে এই খবৰ লাভ কৰিয়ে এতিয়া তেওঁৰ অনুৰাগীয়ে বাৰম্বাৰ কন্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে গীতাৱলী ৰাজকুমাৰীকো ক’ভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছিল। কিন্তু, বৰ্তমান অভিনেত্ৰী গৰাকী সম্পূৰ্ণ সূস্থ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform