Rupaliparda.com
"Jonaki Mon & Soulmates" ৰ প্ৰথম সৃষ্টি "সপোন যেন পাওঁ"- 1

“Jonaki Mon & Soulmates” ৰ প্ৰথম সৃষ্টি “সপোন যেন পাওঁ”-

আকৌ এটা নতুন গীতৰ সৈতে একাংশ নৱপ্ৰজন্মৰ সুন্দৰ সৃষ্টি। “সপোন যেন পাওঁ” শীৰ্ষক গীতটিৰ চৰ্চাৰ সমান্তৰালকৈ ই লাভ কৰিছে বৰ্তমান সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীতটোত কন্ঠদান কৰা জোনাকী মনৰ কন্ঠই বহুল ৰূপত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এতিয়া শ্ৰোতা তথা দৰ্শকক; গীতটিৰ কথা আৰু পৰিচালনা কুকিল প্ৰীতমৰ লগতে ইয়াত সংগীত ব্যৱস্থাপনা আৰু প্ৰযোজনা সূদৰ্শন বৰকটকীৰ। শব্দ সংমিশ্ৰণ কৰা হৈছে মুম্বাইত উৎপল শৰ্মাৰ দ্বাৰা আৰু গীতটি বাণীবদ্ধ কৰা হৈছে উদীপ্ত গগৈৰ দ্বাৰা। সংগীত ক্ষেত্ৰখনত সৰুৰ পৰা চিনাকী হোৱা জোনাকী মনৰ এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে কমল লোচন আৰু দূৰ্গাশ্বৰ বৰাই; গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাসনা তিৰাপ সীমান্ত মেধিৰ। প্ৰথমাৱস্থাত মাতৃৰ পৰা ক্লাচিকেল গীতৰ জ্ঞান আহৰণ কৰা জোনাকী মনে ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে জনাইছিল যে,

https://youtu.be/slZVfU2UmFI


“মই মেট্ৰিক পৰীক্ষা দিয়ে মুম্বাইলৈ গুচি গৈছিলো; তাত বহুখিনি বস্তু শিকিলো, অভিজ্ঞতাও হৈছিল মোৰ তাত যথেষ্টখিনি। তাত থকা অৱস্থাত মই অসমৰো কিছু কিছু কামত অন্তৰ্ভূক্ত নোহোৱাকৈ থকা নাছিলো বাৰু! মই সমান্তৰালভাৱে দুই ফালৰ কামত নিয়োজিত হৈছিলো। মুম্বাইত মই T-Series ৰ বেনাৰত এখন হিন্দী ছবি Gangs Of littles ৰ গীতত কন্ঠদান কৰিছো। তাৰ পিছত গুৱাহাটীলৈ আহি মই বৰ্তমান অব্যাহত ৰাখিছো সংগীত যাত্ৰাটো… ।” আগন্তুক সময়ত আন কেইবাটাও প্ৰকল্পৰ সৈতে দেখিবলৈ পোৱা যাব নৱপ্ৰজন্মৰ এই কন্ঠশিল্পী গৰাকীক।

"Jonaki Mon & Soulmates" ৰ প্ৰথম সৃষ্টি "সপোন যেন পাওঁ"- 2


Light Bucket Stories শীৰ্ষক ইউটিউব চেনেলটোত মুক্তি লাভ কৰা এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যাও উল্লেখনীয়। সংগীত ক্ষেত্ৰখনত নতুনকৈ নামি পৰা “Jonaki Mon & Soulmates” ৰ এয়াই আছিল তেওঁলোকৰ প্ৰথমটো সৃষ্টি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform