Rupaliparda.com
৫০০ গ্ৰাম গাঞ্জা আৰু ৰিয়া-সুশান্তঃ 1

৫০০ গ্ৰাম গাঞ্জা আৰু ৰিয়া-সুশান্তঃ

সুশান্ত সিং ৰাজপুতৰ বিষয়ত আহি পৰা ড্ৰাগছ কেছত বৰ্তমান নাৰকোটিক্স কন্ট্ৰোল ব্যুৰয়ে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকে ইতিমধ্যে বহুখিনি তথ্য বাহিৰলৈ ওলাই আনিছে; “লক-ডাউন” ৰ সময়ছোৱাৰ কিছু সময় সুশান্তে অতিবাহিত কৰিব খুজিছিলে ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত। এইখিনি কথাৰ পৰাই আন এক তথ্য বাহিৰলৈ আহিছে যে সুশান্ত ৰিয়াৰ বাসগৃহলৈ যাব বিচৰা সময়ছোৱাত তেওঁলোকৰ বাবে প্ৰথমতেই ৫০০ গ্ৰাম গাঞ্জা পঠিয়াই দিয়া হৈছিল। এপ্ৰিল মাহত তেওঁলোকৰ বাবে এই কুৰিয়াৰটো সৈতে জড়িত আছিল সুশান্তৰ ঘৰত কৰ্মৰত দীপেশ আৰু ৰিয়াৰ ভাতৃ সৌভিকো। এনচিবিয়ে ইতিমধ্যে ইয়াৰ ওপৰত এক তথ্য যুগুতোৱাবলৈ সক্ষম হৈছে। কুৰিয়াৰ কোম্পানীৰ এক ডেলিভাৰী বয়ে এই বস্তুবোৰ লৈ ৰিয়াৰ সাত্ৰাকুঞ্জস্থিত বাসগৃহলৈ লৈ গৈছিল আৰু তাত এই গাঞ্জা খিনিক গ্ৰহণ কৰিছিল ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীয়ে। এনচিবিৰ দ্বাৰা কৰা সোধপোছত ৰিয়াই নিজেই কৈছে যে কুৰিয়াৰ কোম্পানীক ইয়াত এইকাৰণে ব্যৱহাৰ কৰা হৈছিল যাতে সুশান্ত আৰু ৰিয়া কাৰো চকুত নপৰে। আনহাতে, আন এক তথ্যত এয়াও জানিব পৰা গৈছে যিজন ডেলিভাৰী বয়ে এই বস্তুখিনিৰ ডেলিভাৰী দিছিলে তেওঁ ইতিমধ্যে দীপেশ আৰু সৌভিকক চিনাক্তকৰণ কৰিছে।

৫০০ গ্ৰাম গাঞ্জা আৰু ৰিয়া-সুশান্তঃ 2
৫০০ গ্ৰাম গাঞ্জা আৰু ৰিয়া-সুশান্তঃ 3


লগতে, ডেলিভাৰী বয়’ৰ ফোনৰ সৈতে উক্ত দুই ব্যক্তিৰ ফোনৰ তথ্যও মিলি পৰিছে। নাৰকোটিক্স কন্ট্ৰোল ব্যুৰে বহুখিনি তথ্য জনসাধাৰণৰ মাজত ব্যক্ত কৰিছে আৰু ইয়াৰ ভিতৰত এয়াও এটা। ছেপ্তেম্বৰৰ ২২ তাৰিখ পৰ্যন্ত ৰিয়া চক্ৰৱৰ্তী থাকিব লাগিব ন্যায়িক জিম্মাত। সৌভিক, দীপেশৰ লগত চেমুৱেল মিৰাণ্ডা আদিকে ধৰি কেইবাগৰাকীও সুশান্তৰ সৈতে ঘনিষ্ঠ আন বহু লোক এতিয়া ন্যায়িক জিম্মাত আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform