Rupaliparda.com
এটা সৰু "টুইষ্ট" আৰু এখন সুন্দৰ চুটি ছবি "Tell Me It's Grey"- 1

এটা সৰু “টুইষ্ট” আৰু এখন সুন্দৰ চুটি ছবি “Tell Me It’s Grey”-

নিজৰ প্ৰেমাস্পদৰ তাত আপুনি কিমান কি গুণ থকাটো বিচাৰে? কিছুমান নিৰ্দ্দিষ্ট গুণ, কথাক লৈয়েটো আকৰ্ষিত হৈ পৰে ইজনে আনজনৰ প্ৰতি। য’ত কিছুমানৰ মিল থাকে; তাতেই আকৌ আন বিপৰীত কিছুমান কথাইও আগ্ৰহ ওপজাই দুয়ো দুয়োৰে প্ৰতি। মুক্তিৰ পূৰ্বৰ পৰাই এখন চুটি ছবি “Tell Me It’s Grey” য়ে সচেতন মহলত এক আলোড়নৰ সৃষ্টি কৰিছিল। চুটি ছবিখনৰ কাহিনীৰ বিৱৰণৰ পূৰ্বেই ছবিখনত অভিনীত যুঁটিটোৱে আকৰ্ষণ কৰিছিল চলচিত্ৰ প্ৰেমী দৰ্শকক। বৰষা ৰাণী বিষয়া আৰু ৰবি শৰ্মাৰ যুঁটিটো অভিনয় ক্ষেত্ৰখনত লেখত ল’বলগীয়া; তেওঁলোকৰ এনে অভিনয়ৰ পুংখানুপুংখতাৰ পুনৰ বাৰ এক সুক্ষ্ম স্বৰূপ উপলদ্ধি কৰিবলৈ সক্ষম হৈছে দৰ্শক। সীমাহীন প্ৰেমে সংজ্ঞা নিবিচাৰে; ইজনে আনজনৰ প্ৰতি দেখুওৱা আৱেগ, মৰম তথা নিষ্পাপ ভালপোৱাতে সন্নিৱিষ্ট হৈ থাকে সম্বন্ধবোৰ। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ১২ মিনিট দৈৰ্ঘ্যৰ উক্ত চুটি ছবিখনত থকা এনেহেন আৱেগৰ এক সুন্দৰ উপস্থাপন দেখিবলৈ পোৱা গৈছে। এটা সৰু “টুইষ্ট” ৰ সৈতে চুটি ছবিখনৰ সমাপ্তিয়ে দৰ্শকৰ মনতো শিহৰণ নকৰাকৈ হয়টো নাথাকিব।


উল্লেখ্য যে, “Tell Me It’s Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছে কৰিছে “স্পেচিয়েল ফেষ্টিভ মেনশ্বন” (Special Festive Mention)। সমগ্ৰ বিশ্বৰ পৰা অহা প্ৰায় ৫০০ খন চুটি ছবিৰ দৌৰত উক্ত চুটি ছবিখনে লাভ কৰা এই স্বীকৃতিত বৰ্তমান উৎসাহিত হৈ পৰিছিল চুটি ছবিখনৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলী। আনহাতে, ইয়াৰ পূৰ্বেও এই ছবিখন 12th Jaipur international film festival আৰু Guwahati international film festival ত প্ৰদৰ্শনৰ বাবে মনোনয়ন লাভ কৰিছিল। প্ৰেমৰ ক্ষেত্ৰত থকা এক সুন্দৰ দায়ৱদ্ধতাক উপস্থাপন কৰাত পৰিচালক বিষ্ণুজ্যোতি সন্দিকৈ যে সফল হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। কাহিনী, চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত থকা পৰিচালক গৰাকীৰ এই সৃষ্টিত বৰ্তমান উৎসাহিত হৈ পৰিছে দৰ্শকো।

এটা সৰু "টুইষ্ট" আৰু এখন সুন্দৰ চুটি ছবি "Tell Me It's Grey"- 2


জ্ঞান গৌতমৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ আৰু চুটি ছবিখনৰ প্ৰযোজনা ৰবি শৰ্মাৰ আৰু বৰষাৰ। আনহাতে, Original Background Score জনপ্ৰিয় সংগীত পৰিচালক পৰাণ (জজ্) ৰ। চুটি ছবিখনত শব্দ সংমিশ্ৰণ কৰিছিল ভূপেন শইকীয়াই আৰু সাজসজ্জা ও ৰূপসজ্জা কৰিছিল ক্ৰমে এনী গগৈ আৰু মঞ্জু ভট্টাচাৰ্যই। সহঃপৰিচালক ৰূপে আছিল অৰিন্দম কাশ্যপ আৰু “Tell Me It’s Grey” ৰ ডি.আই কালাৰিষ্টৰ দায়িত্ব বহন কৰিছিল সুজিৎ কৰ্মাকাৰে। ডাবিং কৰিছিল Studios Zero db ৰ পৰা উদীপ্ত গগৈয়ে লগতে Temptation Studios ৰ পৰা দিব্যজ্যোতি কৌশিকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform