Rupaliparda.com
"ডেমফুল" ৰ নিউ লুক; "ৱেব চিৰিজ" ৰ প্ৰস্তুতিত ব্যস্ত নয়ন নীলিমঃ 1

“ডেমফুল” ৰ নিউ লুক; “ৱেব চিৰিজ” ৰ প্ৰস্তুতিত ব্যস্ত নয়ন নীলিমঃ

“ডেমফুল” ৰ নিউ লুক; অনুৰাগীও বৰ্তমান আকৰ্ষিত অভিনেতা গৰাকীৰ এই নতুন লুকত। সম্প্ৰতি চলি থকা ৱেব চিৰিজ সমূহে আকৰ্ষণ কৰিছে জনসাধাৰণক; পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বেছি আকৰ্ষিত কৰিছে বৰ্তমান এই ৱেব চিৰিজ সমূহে। বলীউডত চলি থকা এই ট্ৰেণ্ডটোক এতিয়া আকোঁৱালি লৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেও। কেইবাটাও ন-ন প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে এই মনোৰঞ্জন ক্ষেত্ৰখনত। ৱেব চিৰিজকে ধৰি ৱেব ফিল্ম আৰু সেইবোৰে উপস্থাপন কৰা এক সুন্দৰ কাহিনীয়ে এতিয়া আকৰ্ষিতও কৰিছে জনসাধাৰণক। কিন্তু এইবাৰ অসমীয়া নহয়; এখন বলীউডৰ নতুন ৱেব চিৰিজত অভিনয় কৰা দেখিবলৈ পোৱা যাব নয়ন নীলিম অৰ্থাৎ সকলোৰে চিনাকী “ডেমফুল” ক; ৱেব চিৰিজৰ দ্বাৰা এইবাৰ নিজ অভিনয়ক জনসাধাৰণৰ মাজত আনিবলৈ সাজু হৈছে অভিনেতা গৰাকী। নিজৰ লুকটোও সলাই পেলাইছে নয়ন নীলিমে।

"ডেমফুল" ৰ নিউ লুক; "ৱেব চিৰিজ" ৰ প্ৰস্তুতিত ব্যস্ত নয়ন নীলিমঃ 2


ফিট ব’ডিৰ গৰাকী অসমীয়া ছবি জগতৰ এইগৰাকী অভিনেতাৰ অভিনয় লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত সক্ৰিয় হৈ প্ৰায়ে বিভিন্ন ধৰণে জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ চেষ্টা কৰে তেওঁ। তেওঁৰ আহিবলগীয়া ৱেব চিৰিজখনৰ কোনো বিতং তথ্য বৰ্তমানলৈ ৰাইজৰ মাজত উলিয়াই দিয়া হোৱা নাই যদিও এই বিগ বাজেটৰ ৱেব চিৰিজখন হিন্দী ভাষাত সম্প্ৰচাৰ হোৱাৰ লগতে ইয়াত বলীউডৰ অভিনেতাকো দেখিবলৈ পোৱা যাব; আহিবলগীয়া এই ৱেব চিৰিজখন এতিয়া বাৰুকৈয়ে জনসাধাৰণৰ বাবে এক উৎসাহৰ কাৰণ হৈ পৰিছে।

"ডেমফুল" ৰ নিউ লুক; "ৱেব চিৰিজ" ৰ প্ৰস্তুতিত ব্যস্ত নয়ন নীলিমঃ 3


সম্প্ৰতি পৰিস্থিতিয়ে যদিও ছবিৰ মুক্তিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে তৎস্বত্বেও একাংশ অভিনেতা-অভিনেত্ৰীয়ে কৰা এনে প্ৰচেষ্টাই জনসাধাৰণক মনোৰঞ্জনৰ পৰা কোনোদিনেই আঁতৰাই ৰখা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform