Rupaliparda.com
"ক'ৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন টেটু"- জুবিন গাৰ্গ 1

“ক’ৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন টেটু”- জুবিন গাৰ্গ

জুবিন গাৰ্গে নিজৰ মাজতেই এনে কিছু কাম কৰে যিয়ে একাংশক মনোৰঞ্জন দিয়ে আৰু একাংশই ইয়াক লৈ সমালোচনা কৰে। শেহতীয়াকৈ তেওঁ ফেচবুক পেজত নিজৰ নতুন টেটুৰ ফটো দি লিখে যে, “ক’ৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন টেটু”; উক্ত কথাটোক লৈ কমেন্টত য’ত একাংশই তেওঁক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে তাতেই আকৌ একাংশই হাৰ্টথ্ৰৱ গৰাকীৰ দেহত নতুন টেটু দেখি উৎসাহিতও হৈ পৰিছে। যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰোৱাৰ কথা ব্যক্ত কৰাৰ লগতে টেটুৱে যে কোনো কাৰণতেই ক’ৰোণা মহামাৰীৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰে সেয়াও স্পষ্ট কৰি প্ৰকাশ কৰে কমেন্টত জনসাধাৰণে। বাতৰিৰ শিৰোনাম দখল কৰা হাৰ্টথ্ৰৱ গৰাকীয়ে বিভিন্ন খবৰেৰে নিতৌ অনুৰাগীৰ মাজত ঠাই বনাই ৰাখে।

"ক'ৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন টেটু"- জুবিন গাৰ্গ 2


কিছুদিন পূৰ্বে চচিয়েল মিডিয়াত জুবিন গাৰ্গে স্পষ্ট কৰি দিছিল যে কোনো নিৰ্দ্দিষ্ট ৰাজনৈতিক দলত যোগদান কৰা অভিনেতা-অভিনেত্ৰী, কন্ঠশিল্পী অথবা কলা-কুশলীক হাৰ্টথ্ৰৱ গৰাকীয়ে নিষিদ্ধ কৰিছিল আৰ্টিষ্ট ইলেভেনত। নিৰপেক্ষ শিল্পী সকলৰ যোগদানেৰেহে এইবাৰ ভৰিব পাৰিব আৰ্টিষ্ট ইলেভেন। সাম্যবাদী লোকে খেলিব এইবাৰ জুবিন গাৰ্গৰ ফুটবল ইলেভেন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform