Rupaliparda.com
ন-কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ "তুমি তুমি লগা" ৰ শুভমুক্তিঃ 1

ন-কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ “তুমি তুমি লগা” ৰ শুভমুক্তিঃ

একোটা গীতৰ শুভমুক্তি আৰু একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা। স্তব্ধ নোহোৱা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ বহু কন্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী সোমাই আহিছে। একাংশৰ প্ৰতিভা লেখত ল’বলগীয়া হোৱাৰ উপৰিও একাংশই কৰা অহৰহ প্ৰচেষ্টাত উৎসাহিত জনসাধাৰণো। ইতিমধ্যে এনে বহু গীতৰ মুক্তিৰ বিষয়ে আমি দেখি আহিছো; ৰোমান্টিক গীতৰ দ্বাৰা শ্ৰোতাৰ হৃদয়ত ঠাই বনোৱা একাংশ কন্ঠশিল্পীয়ে প্ৰায়ে তেওঁলোকৰ ন-ন সৃষ্টিৰ দ্বাৰা কাষ চাপিছে জনসাধাৰণৰ। “প্ৰতিটো পল, প্ৰতি উশাহতেই যে তুমি” শীৰ্ষক এই গীতটিক হয়টো আপোনালোকৰো মনত আছে; অনুৰাগ শইকীয়াৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতটিয়ে সংগীত প্ৰেমী শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, এই কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে আন এটি গীতে লাভ কৰিছে মুক্তি। সদ্যমুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” শীৰ্ষক এই গীতটিয়ে ইউটিউবত লাভ কৰিছে জনপ্ৰিয়তা। ন-গীতৰ সৈতে ন-কন্ঠশিল্পী আৰু তেওঁলোকৰ নতুন অনুৰাগী; বৰ্তমান এই সংমিশ্ৰণৰেই আৰম্ভ হৈছে সংগীত ক্ষেত্ৰখনত নতুনৰ আৰম্ভণি।


গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু জ্যোতিষ্মিতা বৰুৱাই। ফেশ্বন জগতৰ পৰা আহি জ্যোতিষ্মিতা বৰুৱাই অভিনয় ক্ষেত্ৰখনত খোজ দিছে; আনহাতে দীপজ্যোতি মহন্তক ইতিমধ্যে দৰ্শকে দেখিবলৈ পাইছে কেইবাটাও মিউজিক ভিডিঅ’ৰ লগতে এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “জানমণি” ছবিখনত। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” শীৰ্ষক গীতটিত সংগীত দিয়াৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ত্ৰিয়ন মহন্ত আৰু গীতটিত কথা মৃদুস্মিতা দেৱীৰ। বাঁহী বজাইছে অঞ্জন মেধিয়ে লগতে শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা হৈছে অম্লান জ্যোতি ৰাজখোৱাৰ। গীতটিৰ সহকাৰী অভিনেতা-অভিনেত্ৰী হৈছে ক্ৰমে অনুৰাগ, গৌৰাংগ আৰু অনুৰাধা। গীতটিত কিছু সময়ৰ বাবে দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় ইউটিউবাৰ হৰপাল শইকীয়াক।

ন-কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ "তুমি তুমি লগা" ৰ শুভমুক্তিঃ 2


নৱপ্ৰজন্মৰ বোধগম্য অনুযায়ী তেওঁলোকে কৰা প্ৰচেষ্টা কোনো কাৰণতেই নুই কৰিব নোৱাৰি। প্ৰায় প্ৰতিটো সৃষ্টিত বহুল জনপ্ৰিয়তা লাভ নকৰিলেও তেওঁলোকে অহৰহ চলাই থকা প্ৰয়াসত একো সন্দেহ নাই। মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক সময়তো যে সুন্দৰ সুন্দৰ সৃষ্টিক উপভোগ কৰিব পাৰিব সেয়া নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform