Rupaliparda.com
আহি আছে গীতালিৰ "ধীৰে ধীৰে"; উৎসাহী অনুৰাগীঃ 1

আহি আছে গীতালিৰ “ধীৰে ধীৰে”; উৎসাহী অনুৰাগীঃ

সংগ্ৰাম, সংঘৰ্ষ সদায় সকলোৰে জীৱনতেই থাকে, জীৱন যাত্ৰাৰ সৈতে ইয়াৰ এক একেবাৰেই এৰাব নোৱাৰা সম্পৰ্ক আছে। কিন্তু এই সংঘৰ্ষৰ মাজেৰেই আগবাঢ়ি এগৰাকী অসমীয়া কন্ঠশিল্পীয়ে লাভ কৰিছে বৰ্তমানৰ স্থান। অসমীয়া শ্ৰোতাক কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া গীতালিৰ আগন্তুক প্ৰকল্পটোক লৈ এতিয়া অপেক্ষাৰত তেওঁৰ অনুৰাগী। এটি নতুন গীতৰ সৈতে আহিবলৈ সাজু হৈছে পুনৰ বাৰ কন্ঠশিল্পী গীতালি। “ধীৰে ধীৰে” শীৰ্ষক এটি গীতৰ সৈতে আহিবলৈ সাজু হৈছে কন্ঠশিল্পী গীতালি। চচিয়েল মিডিয়াত ব্যক্তিগত একাউন্টৰ পৰা ইতিমধ্যে কন্ঠশিল্পী গৰাকীয়ে গীতটিক লৈ বিভিন্ন খবৰ অনুৰাগীৰ মাজত প্ৰকাশ কৰিছে। উক্ত গীতটিত কন্ঠ দিয়াৰ লগতে ইয়াত সুৰো দিছে কন্ঠশিল্পী গৰাকীয়ে; কথা ভাস্কৰ জ্যোতিৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে দীপকেশ বৰগোঁহাইয়ে। জানিব পৰা মতে, চেপ্তেম্বৰ মাহৰ শেষৰ পিনে গীতটিৰ অডিঅ’ আৰু ভিডিঅ’ক জনসাধাৰণৰ মাজত উলিয়াই দিয়াৰ পৰিকল্পনা কৰা হৈছে। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত কন্ঠশিল্পী গৰাকীয়ে সত্ৰীয়া নৃত্যৰ লগতে ২০০০ চনত বিহু কুঁৱৰীৰো খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৬-০৭ চনত “নাহৰ কলি” শীৰ্ষক এটি গীতৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি অন্তৰ্ভূক্ত হোৱা গীতালি বৰ্তমান এই ক্ষেত্ৰখনৰ চিনাকী নাম।

View this post on Instagram

Good morning everyone..

A post shared by Gitali Devi (Gittali Devi) (@gittalidevi) on


ভিন্ন সামাজিক কামৰ সৈতে সক্ৰিয় গীতালিয়ে কিছুদিন পূৰ্বে আন কেইবাগৰাকীও কন্ঠশিল্পীৰ সৈতে একলগ হৈ বানাক্ৰান্ত ঠাইলৈ গৈ বিভিন্ন বৰ্নাত্যক সহায়ো আগবঢ়াইছিল। কন্ঠশিল্পী মন্টুমণি শইকীয়াকে ধৰি ভৃগু,নিৰ্মালী, ৰূপালীয়ে একযোঁট হৈ বানপীড়িত সকলৰ কাষ চাপে আৰু খাদ্য-বস্তুৰ ফালৰ পৰা বিভিন্ন ধৰণে সহায় আগবঢ়ায়। নলবাৰীৰ অন্তৰ্ভূক্ত বৰ শিমলু গাঁওত উপস্থিত হৈ এই সাহায্য বিতৰণ কৰে কন্ঠশিল্পী কেইগৰাকীয়ে।

আহি আছে গীতালিৰ "ধীৰে ধীৰে"; উৎসাহী অনুৰাগীঃ 2

উল্লেখ্য যে, গীতালিৰ কন্ঠৰে বিহু গীত অথবা বিহুসুৰীয়া লগতে ৰোমান্টিকধৰ্মী আদি যিকোনো সংস্কৰণৰেই নহওঁক কিয় প্ৰতিটোতেই তেওঁ অনুৰাগীৰ যথেষ্ট মৰম আৰু আদৰ লাভ কৰা পৰিলক্ষিত হয়। সদায় একোটা গীতেৰে শ্ৰোতা-দৰ্শকৰ ধ্যান আকৰ্ষণ কৰিব পৰা বিধৰ সক্ষমতা আছে এই জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ মাজত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform