Rupaliparda.com
"ৰাজনৈতিক সমীকৰণবোৰো নুবুজো"- কন্ঠশিল্পী গীতালি 1

“ৰাজনৈতিক সমীকৰণবোৰো নুবুজো”- কন্ঠশিল্পী গীতালি

বিগত দিনৰ পৰা সচেতন মহলত কোচকাঁৱাজ চলিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ কন্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী সমূহৰ ৰাজনৈতিক স্থিতিক লৈ। ইজনৰ পিছত সিজনে মনোৰঞ্জন প্ৰদানৰ সমান্তৰালকৈ জাতি-মাটি-ভেঁটি ৰক্ষাৰ স্বাৰ্থত নামি পৰিছে। একাংশ “শিল্পী” ৰ এনে কাৰ্যক একাংশই য’ত সমালোচনা কৰিছে তাতেই আকৌ একাংশই এইক্ষেত্ৰত তেওঁলোকৰ নিজা গণতান্ত্ৰিক অধিকাৰৰ দোঁহাই দিছে। এই বিষয় সন্দৰ্ভত ইতিমধ্যে বিভিন্নজন অন্য কন্ঠশিল্পীয়ে তেওঁলোকৰ নিজা মতামত ব্যক্ত কৰে ৰূপালীপৰ্দাৰ সমুখত; বৰ্ণালী কলিতা, প্ৰাঞ্জল পৰশৰ পৰা আৰম্ভ কৰি এইবাৰ ৰূপালীপৰ্দাৰ সমুখত নিজ মন্তব্য দাঙি ধৰে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী গীতালিয়ে। অনুৰাগীৰ দ্বাৰা আৱদ্ধ হৈ থকা এই গৰাকী কন্ঠশিল্পীক প্ৰায়ে নিজৰ বাবে হওঁক অথবা সমাজৰ বাবেই হওঁক সক্ৰিয় ভাৱে জনসাধাৰণৰ কাষ চপা দেখিবলৈ পোৱা যায়। শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰা কথাটো কোনো অস্বাভাৱিক কথা নহয় বুলিয়ে প্ৰকাশ কৰে কন্ঠশিল্পী গৰাকীয়ে।

"ৰাজনৈতিক সমীকৰণবোৰো নুবুজো"- কন্ঠশিল্পী গীতালি 2


আগলৈ তেওঁ কয় যে, “গণতান্ত্ৰিক দেশত ভোটাধিকাৰ লাভ কৰা প্ৰতিজন নাগৰিকেই প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকে; কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা আৰু চৰকাৰৰ প্ৰতিনিধিবোৰকো ৰাইজেই নিৰ্বাচিত কৰি পঠিয়ায়। শিল্পীসকল যিহেতু আমাৰ সমাজ ব্যৱস্থাৰ মাজৰেই এক অভিন্ন অংগ গতিকে এওঁলোকে ৰাজনৈতিক দলত যোগদান কৰাটোত অস্বাভাবিক নহয়। আমাৰ দেশতেই এনেকুৱা বহুত শিল্পী অথবা ক্ৰীড়াবিদ আছে যি সকল প্ৰত্যক্ষভাবে ৰাজনীতিৰ লগত জড়িত; ইয়াত নতুন কৈ কিবা ক’বলগীয়া তথা সমালোচনা কৰিবলগীয়া আছে বুলি আচলতে মই নাভাবো। সেইটো একেবাৰেই এটা সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত; মই নিজাববীয়াকৈ মাত্ৰ এটা কথাহে ক’ব পাৰো যে শিল্প সাধনা কৰি মই ভাল পাওঁ।

"ৰাজনৈতিক সমীকৰণবোৰো নুবুজো"- কন্ঠশিল্পী গীতালি 3


সৰুৰে পৰা গান গাই, নাচিয়ে ডাঙৰ হ’লো; খুব সহজ সৰল ভাৱেই থাকি ভাল পাওঁ বা তেনেকৈয়ে থাকো আৰু মই পৃথিৱীৰ বাকী জটিলতাবোৰ বেছি বুজি নাপাও অথবা বুজিবলৈও চেষ্টা নকৰো। ৰাজনৈতিক সমীকৰণবোৰো নুবুজো; এই পৰিপ্ৰেক্ষিততে, মই নিজে প্ৰত্যক্ষ ৰাজনীতিৰ প্ৰতি আকৃষ্ট নহয়।” গীতালীৰ এই কথাখিনিয়ে হয়টো বহু অনুৰাগীক যথেষ্ট উৎসাহিত কৰি তুলিব। সংগীত অথবা নৃত্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গীতালিৰ আগন্তুক পৰিকল্পনা ৰূপে আহিবলগীয়া গীতটিও অতিশীঘ্ৰে শ্ৰোতাৰ মাজলৈ আহিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform