Rupaliparda.com
"মাল আছে নেকি?" দীপিকা পাডুকনক কটাক্ষ কংগনাৰঃ 1

“মাল আছে নেকি?” দীপিকা পাডুকনক কটাক্ষ কংগনাৰঃ

বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁটে বৰ্তমান আন আন বলীউড তাৰকা-চিলেব্ৰেটীক সমালোচনা কৰাৰ এটাও সুযোগ এৰিবলৈ বিচৰা নাই। এইবাৰ কংগনাৰ সমুখলৈ আহিল দীপিকা পাডুকন; আচলতে জানিব পৰা মতে, বিগত দিনৰ পৰা চলি থকা বলীউড ড্ৰাগছ কেছত এইবাৰ সমুখলৈ আহিছে দীপিকা পাডুকনৰ নাম। যাৰ বাবে এনচিবিয়ে তেওঁক সোধ-পোছৰ বাবে হয়টো মাতিব পাৰে। কিন্তু, এই বিষয় লৈ এতিয়ালৈ কোনো ধৰণৰ বিতং তথ্য সমুখলৈ অহা নাই অথবা কোনোধৰণৰ স্পষ্টীকৰণো দিয়া হোৱা নাই। এই ক্ষেত্ৰতে, এনে সোণালী সুযোগক যেন এনেই যাবলৈ নিদিলে অভিনেত্ৰী কংগনাই। এক টুইট পোষ্ট যোগে তেওঁ লিখে যে,”হতাশ হোৱা এই নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ আন এক পৰিণাম। তথাকথিত উচ্চ খাপৰ সমাজৰ ডাঙৰ ডাঙৰ তাৰকা সমূহে “ক্লাছী” হোৱা লগতে সুন্দৰ লালন-পালনৰ কথা যে কয় সেয়াই আচলতে নিজ মেনেজাৰক সোধে, “মাল আছে নেকি?”

"মাল আছে নেকি?" দীপিকা পাডুকনক কটাক্ষ কংগনাৰঃ 2
"মাল আছে নেকি?" দীপিকা পাডুকনক কটাক্ষ কংগনাৰঃ 3


কংগনাৰ এনে টুইটৰ পিছতেই কিন্তু একাংশ দীপিকাৰ অনুৰাগীয়ে আগবাঢ়ি কংগনাক সমালোচনা কৰিবলৈ চেষ্টা কৰে। কিন্তু ইয়াৰো প্ৰতিউত্তৰ দিবলৈ সাজু হৈ থাকে অভিনেত্ৰী গৰাকী। “হতাশা নিচাযুক্ত দ্ৰৱ্য সেৱনৰ পৰিণাম বুলি অভিহিত কৰিলে ডক্তৰ কংগনা আপুনি বহু হতাশগ্ৰস্ত লোকক উপলুঙা কৰা হ’ব” বুলি কোৱাৰ পিছতো ইয়াৰ প্ৰতিউত্তৰ ৰূপে কংগনাই কয় যে,”মই মাত্ৰ উদাহৰণ হিচাপে এগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিছো, কিন্তু মই জানো যে আপুনি ইয়াক বুজি নোপোৱাৰ নাটক কৰি আছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform