Rupaliparda.com
"নেপোটিজিম" ৰ পিছত এইবাৰ ড্ৰাগছ কেছত মুখ খুলিছে ৰবীনা টেণ্ডনেঃ 1

“নেপোটিজিম” ৰ পিছত এইবাৰ ড্ৰাগছ কেছত মুখ খুলিছে ৰবীনা টেণ্ডনেঃ

বলীউড ড্ৰাগছ কেছত নাম সাঙুৰ খাইছে এতিয়া বিভিন্ন জনৰ। জনপ্ৰিয় তাৰকা-চিলেব্ৰেটীৰ নাম আহি পৰিছে এই বিষয়টোত; দীপিকা পাডুকনকে আৰম্ভ কৰি সাৰা আলি খান, ৰকুলপ্ৰীত আদি কেইবাগৰাকীও জনসাধাৰণৰ মৰমৰ চিলেব্ৰেটীৰ নাম আহি পৰিছে এই বিষয়ত। উক্ত বিষয়টোলৈ বিভিন্ন জনে পোষ্ট দি নিজ মতামত ব্যক্ত কৰিছে আৰু শেহতীয়াকৈ এই বিষয়ত কথা কৈছে অভিনেত্ৰী ৰবীনা টেণ্ডনে। ড্ৰাগছৰ কেছত যিসকল জড়িত সেই আটাইকে বন্দী কৰাৰ কথা ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁ নিজ টুইট পোষ্টত লিখে যে, “এতিয়া সময় স্পষ্টীকৰণৰ; স্বাগতম! আমাৰ আহিবলগীয়া প্ৰজন্ম আৰু যুৱপ্ৰজন্মৰ বাবে ই সহায়ক হ’ব। ইয়াৰ পৰা আৰম্ভ হৈ আগলৈ বেলেগ স্তৰলৈ যাওঁক; দোষী, গ্ৰহণকাৰী, ক্ৰেতা, বিক্ৰেতা সকলোকে অপৰাধী বুলি ঘোষণা কৰক। ডাঙৰ ডাঙৰ মানুহে এইবোৰ কৰে যিয়ে অইনৰ বাবে এবাৰো ভাবি নাচায়।” ইয়াৰ পূৰ্বেও ৰবীনা টেণ্ডনে নেপোটিজিম বিষয়ত নিজৰ মত ব্যক্ত কৰিছিল। সক্ৰিয় ভাৱে মতামত ব্যক্ত কৰাত সদায় আগত থাকে এই অভিনেত্ৰী গৰাকী।

"নেপোটিজিম" ৰ পিছত এইবাৰ ড্ৰাগছ কেছত মুখ খুলিছে ৰবীনা টেণ্ডনেঃ 2


তেওঁ কৈছিল যে, “মোৰ কোনো গডফাদাৰ নাই, মই কোনো ধৰণৰ গোটৰো সদস্য নাছিলো আৰু মোৰ বাবে কোনো অইন অভিনেতাই প্ৰচাৰো চলোৱা নাছিল। মই কাম পাবলৈ কাৰো সৈতে শুবলৈ যোৱা নাছিলো অথবা কোনো গৰাকী অভিনেতাৰ সৈতে মোৰ কোনো সম্পৰ্কও নাছিল। মই কোনো হিৰো’ৰ কথা মতে চলা-ফুৰা কৰা নাছিলো।” আকৌ তেওঁ কৈছিল যে, “মোক যিমান তল পেলাবলৈ চেষ্টা কৰা হৈছিল সিমানে মই ওপৰলৈ উঠিছিলো আৰু নিজক লৈ যুঁজিছিলো। লেতেৰা ৰাজনীতি সকলোতে হয়।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform