Rupaliparda.com
আকৌ নতুন গীত; ন-বিষয়বস্তু "ঈশানী মলয়া" তঃ 1

আকৌ নতুন গীত; ন-বিষয়বস্তু “ঈশানী মলয়া” তঃ

সংগীত; সংগীতৰ ধৰণবোৰ যদিও সলনি হৈছে তথাপিও ই বৰ্তমান সংগীত প্ৰেমী শ্ৰোতাক কিছু অইনৰ সোঁৱাদ দিছে। বিষয়বস্তু এটা সন্নিৱিষ্ট কৰি কৰা সৃষ্টি সমূহৰ মাজত প্ৰতিভা সমূহৰ স্থান উল্লেখনীয়। সংগীত জগতলৈ অহা এটি নৱপ্ৰজন্মৰ দলে যোৱা কিছুদিন ধৰি সচেতন মহলত খলকনিৰ সৃষ্টি কৰিছে। তেওঁলোকৰ দ্বাৰা নিৰ্মিত প্ৰতিটো গীততেই কোনো নতুন বিষয়বস্তু অথবা কোনো নতুন তথ্যৰ সন্ধান পোৱা গৈছে। Ridip Abhilash Craftlet ৰ নিবেদনত নিৰ্মিত প্ৰতিটো গীতেই ভাইৰেল তথা চৰ্চিত হৈছে চচিয়েল মিডিয়াত। এওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত কেইবাটাও গীতে ইতিমধ্যে শ্ৰোতাৰ কাষ চাপিছে। “দিহিং- পাটকাই”, “যাবাগৈ” আদি গীতবোৰ নিশ্চয় আপোনালোকেও উপভোগ কৰিছে। কিছুদিন পূৰ্বেও “তেজা” ও দাঙি ধৰিছিল নাৰীৰ এক ব্যতিক্ৰমী বাখ্যা। শেহতীয়াকৈ আন এটি গীতৰ মুক্তিৰ বাবে সাজু হৈছে এই গোটটো। সাম্প্ৰতিক সমাজৰ বিভিন্ন কথা সংগীত আকাৰে দাঙি ধৰা পিছত এইবাৰ তেওঁলোকৰ দ্বাৰা মুকলি কৰা হ’ব এটি প্ৰেমৰ গীত। প্ৰেম আৰু ৰাক্ষস; মানৱ শৰীৰৰ দুটা ভিন্ন অংগ।

আকৌ নতুন গীত; ন-বিষয়বস্তু "ঈশানী মলয়া" তঃ 2


প্ৰেমেৰে ৰাক্ষসৰ নাশ কৰিব পৰা যায় আৰু ৰাক্ষসে আগ্ৰাসনত ল’লে হয়টো প্ৰেমে এটা সময়ত মানৱ শৰীৰৰ পৰা মেলানি মাগে। গতিকে, এই দুই অনুভৱক লৈ সৃষ্টি কৰা হৈছে গীত “ঈশানী মলয়া”; য’ত প্ৰেমাস্পদৰ মাজত থকা নিষ্পাপ সম্পৰ্কই কেনেদৰে ৰাক্ষসক বধ কৰে তাক উপস্থাপন কৰা হৈছে। গীতটিৰ বিষয়বস্তুত সন্নিৱিষ্ট হৈ আছে এই সুন্দৰ কথাখিনি। জীৱনৰ ঘাত-প্ৰতিঘাত, সংগ্ৰামৰ পৰা আমি কোনো কাৰণতেই হাত এৰাই আনি চলিব নোৱাৰো কাৰণ যেতিয়ালৈ জীৱন যাত্ৰা অব্যাহত থাকিব তেতিয়ালৈ এই ঘাত-প্ৰতিঘাত আদিয়ে লগ দিব। কিন্তু, এই সংগ্ৰামৰ সময়ছোৱাত যেতিয়া কোনো এজন ব্যক্তিৰ স্নেহৰ হাত খন পোৱা যায় তেতিয়া সেই সংগ্ৰাম অনায়সে পাৰ কৰিব পৰা যায়।


উক্ত গীতটিৰ কথা তথা ইয়াত বিষয়বস্তু আৰু পৰিচালনা অভিলাস দাসৰ। লগতে, গীতটিত কন্ঠদান কৰিছে প্ৰিয়াক্ষী পাচঁনি আৰু ৰিদিপ লহকৰে। গীতটিৰ কভাৰ আৰ্ট সুমন গোস্বামী আৰু ৰক্তিম ভূঞা। ভিডিঅ’ প্ৰডাকচন আৰু পৰিচালনা ৰক্তিম ভূঞাৰ।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform