Rupaliparda.com
নতুন গীতৰ মুক্তি "ধেমালি"; নৱপ্ৰজন্মৰ ন-সৃষ্টি; আপ্লুত শ্ৰোতা-দৰ্শকঃ 1

নতুন গীতৰ মুক্তি “ধেমালি”; নৱপ্ৰজন্মৰ ন-সৃষ্টি; আপ্লুত শ্ৰোতা-দৰ্শকঃ

একোখন নতুন মুখ, একোটা নতুন কন্ঠ আৰু একোজন নতুন প্ৰতিভাই মনোৰঞ্জন জগতখনৰ ভৱিষ্যৎ বাখ্যা কৰাত সফল হৈছে। তেওঁলোকৰ সৃষ্টিত আপ্লুতও হৈছে একোজন জনপ্ৰিয় অথবা সুদক্ষ শিল্পী। তেওঁলোকে কৰা প্ৰচেষ্টা অথবা সৃষ্টি সমূহৰ আঁৰত আচলতে কেৱল মাত্ৰ এজনৰ নাম ল’ব পৰা নাযায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “ধেমালি” শীৰ্ষক গীতটিত থকা কিছু সৰু সৰু কথাই আকৰ্ষণ কৰিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক। গীতটিত থকা কন্ঠটোৰ সৈতে তাত অভিনীত এগৰাকী শিশু অভিনেতাৰ অভিনয়ৰ প্ৰশংসা কৰিছে গীতটি উপভোগ কৰা প্ৰতিজন দৰ্শকে। Light Bucket Stories শীৰ্ষক ইউটিউব চেনেলটোত মুক্তিপ্ৰাপ্ত এই গীতটোৰ সৈতে জড়িত হৈ আছে আপোনালোকৰে চিনাকী আজিৰ কেইগৰাকীমান নৱপ্ৰজন্মৰ প্ৰতিভা। এটি সৰু কাহিনীৰে গীতটিৰ অন্তৰ্নিহিত বিষয়বস্তুক বুজাই দিয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনৰে কাম নুই কৰিব পৰা নাযায়। ক্ষন্তেকতে ভিউৱাৰচৰ ভিৰ নালগিলেও এওঁলোকৰ দ্বাৰা কৰি থকা ইটোৰ পিছত সিটো সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটোত কন্ঠদান গৌৰৱ মাৰ্ভেলৰ। কথা ডানিশৰ লগতে ইয়াত সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ টাইফুন মিউজিকৰ। গীতটিত বাঁহী দিলিপ হিৰাৰ আৰু “ধেমালি” ত সহকাৰী কন্ঠশিল্পী জোনাকী মন। গীতটিত থকা কাহিনী আৰু ইয়াৰ পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ তিৰাপ সীমান্ত মেধিৰ। গীতটিত অভিনয় কৰিছে কুহু ৰয়, পাঞ্চী, গৌৰৱ মাৰ্ভেল আৰু চিমি ভূঞাই। দেশত চলি থকা এক বিভীষিকাময় পৰিস্থিতিৰ মাজত একাংশ নৱপ্ৰজন্মই তেওঁলোকৰ প্ৰতিভাক গুৰুত্ব দি নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাবলৈ কৰি থকা প্ৰচেষ্টা সঁচাকৈ আদৰণীয়।

নতুন গীতৰ মুক্তি "ধেমালি"; নৱপ্ৰজন্মৰ ন-সৃষ্টি; আপ্লুত শ্ৰোতা-দৰ্শকঃ 2


আচলতে, আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform