Rupaliparda.com
"V Six Motion Pictures" ৰ ন-প্ৰকল্পঃ এইবাৰ লগত কমল লোচন আৰু সুৰভি দাস - 1

“V Six Motion Pictures” ৰ ন-প্ৰকল্পঃ এইবাৰ লগত কমল লোচন আৰু সুৰভি দাস –

“V Six Motion Pictures” ৰ বেনাৰত “লক-ডাউন” ৰ প্ৰথমভাগৰ পৰাই বিভিন্ন খন সুন্দৰ চুটি ছবিৰ নিৰ্মাণ হৈছে আৰু জনসাধাৰণে ইয়াক উপভোগ কৰাৰো সুবিধা লাভ কৰিছে। ভিন্ন নতুন বিষয়বস্তু, প্ৰেম-বন্ধুত্ব নাইবা থ্ৰীলাৰ ধৰ্মীয়েই নহওঁক কিয়; এওঁলোকে বহু নতুন চুটি ছবিৰে মনোৰঞ্জন কৰোৱাইছে জনসাধাৰণৰ। শেহতীয়াকৈ এওঁলোকৰ দ্বাৰা নিৰ্মাণ হোৱা “RoadTrip” শীৰ্ষক চুটি ছবিখনৰ প্ৰশংসা কৰিছিল বিভিন্ন জন দৰ্শকে। এইবাৰ আমি দৰ্শকলৈ আনিছো আন এক সুখবৰ; এওঁলোকৰ দ্বাৰা আগন্তুক সময়ত মুক্তি পাবলগীয়া আন এক চুটি ছবিত দেখিবলৈ পোৱা যাব সকলোৰে মৰমৰ “বিক্ৰম” অৰ্থাৎ কমল লোচনক। “FADED” নামে এখন নতুন চুটি ছবিৰ প্ৰস্তুতিত বৰ্তমান ব্যস্ত উক্ত গ্ৰুপটোৰ আটাইকেইজন কলা-কুশলী। শ্বুটিঙৰ কাম অব্যাহত থকা এই চুটি ছবিখনক লৈ উৎসাহীও এওঁলোকৰ অনুৰাগী। আচলতে, সৰু সময়সীমাৰ ভিতৰত তেওঁলোকে কৰা প্ৰচেষ্টাত আপ্লুত হৈ পৰা জনসাধাৰণে প্ৰায়ে এই সৃষ্টি সমূহক লৈ অপেক্ষা কৰি ৰয়। অহা অক্টোবৰৰ প্ৰথমটো সপ্তাহৰ ভিতৰতেই উক্ত চুটি ছবিখন মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

"V Six Motion Pictures" ৰ ন-প্ৰকল্পঃ এইবাৰ লগত কমল লোচন আৰু সুৰভি দাস - 2


ছবিখনত কমল লোচনৰ সৈতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে সুৰভি দাসে। অভিনৱ কাশ্যপৰ পৰিচালনা আৰু কাহিনীৰে চুটি ছবিখনৰ সংলাপ ধ্ৰুৱ জ্যোতি বৰ্মনৰ। চিত্ৰনাট্য ধৃতিমান বড়োৰ; ছবিখনৰ সহঃপৰিচালনা জুবিন দাস আৰু অয়নজিৎ দেৱ শৰ্মাৰ। দৃশ্যগ্ৰহণ আৰু সম্পাদনা হাৰ্দিক কাশ্যপৰ লগতে ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে যুগল শইকীয়া আৰু নয়ন জ্যোতি দেৱীৰ। চুটি ছবিখনৰ ৰূপসজ্জা বিভাগত আছে নিৰ্মালী কাশ্যপ দাস আৰু কৰিঅ’গ্ৰাফ বাবুসা বিজয় দাসৰ। প্ৰতিটো বিষয়বস্তু নাইবা পৰিস্থিতিৰ সৈতে সংগতি ৰাখি বৰ্তমান পূৰ্ণদৈৰ্ঘ্যতকৈ অধিক চুটি ছবি নিৰ্মাণ কৰাৰ লগতে ৰাইজক আমোদ প্ৰদানৰ স্বাৰ্থত ইয়াক মুক্তি দিয়াও হৈছে।


উল্লেখ্য যে, ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ উপহাৰ দিয়া V Six Motion ৰ বেনাৰত পুনৰ আন এখন চুটি ছবিৰ পৰিকল্পনাত জড়িত হৈছে উক্ত প্ৰডাকচন হাউচটোৰ সৈতে জড়িত কলা-কুশলী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform