Rupaliparda.com
শ্বাহিদ কাপুৰলৈ নেটফ্লিক্সৰ ১০০ কোটিৰ অফাৰঃ 1

শ্বাহিদ কাপুৰলৈ নেটফ্লিক্সৰ ১০০ কোটিৰ অফাৰঃ

ক’ৰোণা ভাইৰাছৰ ফলত মনোৰঞ্জন ক্ষেত্ৰখনৰ ক্ষতি হৈছে। বিগত কেইবামাহো ধৰি বন্ধ আছে ছবিগৃহ; গৃহবন্দী হৈছে মনোৰঞ্জনপ্ৰেমী জনসাধাৰণ। কিন্তু দৰ্শকৰ মনোৰঞ্জনৰ বিকল্প ব্যৱস্থা কৰিছে এতিয়া এই ক্ষেত্ৰখনেও, ইটোতকৈ সিটো সুন্দৰ বিষয়বস্তুৰে ন-ন প্ৰকল্প মুক্তি কৰি দিয়া হৈছে ডিজিটেল প্লেটফৰ্মত। এফালৰ পৰা চাবলৈ গ’লে এনেক্ষেত্ৰত জনসাধাৰণৰ সোঁৱাদৰো কিছু সালসলনি হৈছে; আৰু বলীউডৰ তাৰকাবোৰেও এতিয়া ছবিতকৈ অধিক মনোযোগ দিছে ৱেব চিৰিজ সমূহৰ পিনে। আমি পূৰ্বেও আপোনালোকক জনাইছিলো যে নেটফ্লিক্সৰ আহিবলগীয়া এখন ৱেব চিৰিজত দেখিবলৈ পোৱা যাব অভিনেতা শ্বাহিদ কাপুৰক; যাৰ বাবে তেওঁ ইতিমধ্যে লাভ কৰিছে ১০০ কোটি টকাৰ অফাৰ। এক “ডীল” অনুসৰি শ্বাহিদ কাপুৰে ১০০ কোটি টকা লৈ নেটফ্লিক্সৰ কেইবাখনো ছবি, ৱেব চিৰিজ আদি কৰিব লাগিব। উক্ত “ডীল” টোৰ বাবদ শ্বাহিদ বৰ্তমানেও মান্তি হোৱা নাই যদিও ভৱিষ্যতে তেওঁ ইয়াক গ্ৰহণ কৰাৰো সম্ভাৱনা আছে।

শ্বাহিদ কাপুৰলৈ নেটফ্লিক্সৰ ১০০ কোটিৰ অফাৰঃ 2
শ্বাহিদ কাপুৰলৈ নেটফ্লিক্সৰ ১০০ কোটিৰ অফাৰঃ 3


কিছুদিন পূৰ্বে খবৰ আহিছিল যে শ্বাহিদ কাপুৰক এখন একচন তথা থ্ৰীলাৰধৰ্মী প্ৰকল্পত দেখিবলৈ পোৱা যাব। ৱেব চিৰিজ খনৰ শীৰ্ষ নামৰ কোনো স্পষ্টীকৰণ সমুখলৈ অহা নাই যদিও ই ভাৰত চৰকাৰৰ “অপাৰেচন কেকটাছ” ৰ সৈতে ই জড়িত। ১৯৮৮ চনত মালদ্বীপত ভাৰত চৰকাৰ দ্বাৰা উক্ত অপাৰেচনটোক কাৰ্যকৰী কৰা হৈছিল। ইয়াত শ্বাহিদে বিগ্ৰেডিয়েৰ ফাৰুখ বুলসাৰাৰ চৰিত্ৰ ৰূপায়ন কৰিব; যি গৰাকীয়ে এই অপাৰেচনটোত মূখ্য ভূমিকা লৈছিল আৰু তেওঁক প্ৰশংসা কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform