Rupaliparda.com
কেতিয়াকৈ আহিব দীপলিনা ডেকাৰ "Sorry"! উত্তৰ ইয়াত- 1

কেতিয়াকৈ আহিব দীপলিনা ডেকাৰ “Sorry”! উত্তৰ ইয়াত-

চুটি ছবিৰ প্ৰসংগ লৈ ৰূপালীপৰ্দাত ইতিমধ্যে বহুখিনি খবৰ জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছে। বিগত ৬-৭ মাহে অসমীয়া দৰ্শকে একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ উপভোগ কৰিছে একোখন চুটি ছবি। আচলতে, সঁচা কথা ক’বলৈ গ’লে এই চুটি ছবি সমূহ উপভোগ কৰিয়েই দৰ্শক সমূহ আঁতৰিছে একঘেয়ামীতাৰ পৰা; ভিন্ন হৃদয়স্পৰ্শী বিষয়বস্তুৰ সৈতে দৰ্শকে চুটি ছবি সমূহ উপভোগ কৰিবলৈ পাই উৎসাহিত নোহোৱাকৈ থকা নাই । দৰ্শকক বিগত দিন ধৰি মনোৰঞ্জন প্ৰদানৰ ক্ষেত্ৰত নাম ল’ব পাৰি একাংশ নৱপ্ৰজন্মৰ; য’ত একাংশ সুদক্ষ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ সোঁত বৈছে। ঠিক তেনেক্ষেত্ৰতে একোজন প্ৰতিভাৱান নৱপ্ৰজন্মই নিজ সুন্দৰ সৃষ্টিৰে আপ্লুত কৰি ৰাখিছে দৰ্শকক। আগন্তুক সময়ত মুক্তি পাবলগীয়া এখন বহু প্ৰত্যাশিত চুটি ছবি হৈছে “Sorry”। ইতিমধ্যে চুটি ছবিখনৰ শ্বুটিং সম্পন্ন হোৱাৰ লগতে ইয়াৰ অধিকাংশ পোষ্ট-প্ৰডাকচনৰ কাম সম্পূৰ্ণ হৈ উঠিছে; চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে প্ৰাঞ্জল গৈয়াৰী আৰু ইয়াত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অসমীয়া জনসাধাৰণৰ আটাইতকৈ মৰমৰ কন্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই।

https://www.instagram.com/tv/CEcRCGvBlba/?utm_source=ig_web_copy_link


মশ্বন পিকছাৰ তথা ট্ৰেইলাৰ মুকলি হোৱা এই চুটি ছবিখনৰ বিষয়ে আপোনালোকে জানিবলৈ পাইছে। পোনপ্ৰথমবাৰৰ বাবে এখন চুটি ছবিত এটা নতুন চৰিত্ৰত দেখিবলৈ পোৱা যাব দীপলিনাক। “ভবাই নাছিলো”, অথবা “চুই দিয়ানা” গীতটিৰ জনপ্ৰিয়তাৰ আঁৰত থকা সেই কোমল আৰু মৰম আকলুৱা এই কন্ঠশিল্পী গৰাকীৰ একেবাৰে এটা বিপৰীত চৰিত্ৰৰ সৈতে ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে “Sorry”। আগন্তুক মাহৰ অৰ্থাৎ অক্টোবৰ মাহৰ প্ৰথম ভাগতেই ছবিখনে মুক্তি লাভ কৰিব; এগৰাকী কঠোৰ আৰক্ষী বিষয়াৰ চৰিত্ৰত এইবাৰ দীপলিনা ডেকাক দেখিবলৈ পাব অসমীয়া দৰ্শকে।

কেতিয়াকৈ আহিব দীপলিনা ডেকাৰ "Sorry"! উত্তৰ ইয়াত- 2


Half Moon Films আৰু Light Bucket Stories ৰ নিবেদনত নিৰ্মিত এই চুটি ছবিখনত দীপলিনাৰ বাহিৰেও অভিনয় কৰিছে ত্ৰৈলোক্য কাশ্যপ আৰু আয়ানজিৎ দেৱ শৰ্মাই। সংলাপ ডানিছ আৰু কুকিল প্ৰীতম শইকীয়াৰ আৰু দৃশ্যগ্ৰহণ তিৰাপ সীমান্ত মেধিৰ। উল্লেখ্য যে, চুটি ছবিখনৰ এই চৰিত্ৰটোক লৈ উৎসাহী দীপলিনা ডেকাও। নৱপ্ৰজন্মৰ সৈতে লগ হৈ পোনপ্ৰথমবাৰৰ বাবে এনে এক চৰিত্ৰ ৰূপায়েনেৰে জনসাধাৰণৰ কাষ চাপিবলৈ উৎসাহী হৈ আছে কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform