Rupaliparda.com
কাহিনী আৰু উপভোগ্য বিষয়বস্তুৰে "তুমি নহ'লে"- 1

কাহিনী আৰু উপভোগ্য বিষয়বস্তুৰে “তুমি নহ’লে”-

এটি নতুন ৰোমান্টিক গীত আৰু মুক্তিৰ কিছু সময় পিছতেই লাভ কৰা জনপ্ৰিয়তা। গীতটোৰ লগতে ইয়াৰ ভিডিঅ’টোত উপস্থাপন কৰা কাহিনীভাগে প্ৰত্যেকজন শ্ৰোতা-দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। ৰোমান্টিক গীত সমূহত থকা ধাৰাবাহিকতাক আঁতৰাই সদ্যমুক্তিপ্ৰাপ্ত “তুমি নহ’লে” শীৰ্ষক গীতটোৱে ক্ষন্তেকতে লাভ কৰিছে সমাদৰ; প্ৰেমৰ এক সুন্দৰ সংজ্ঞাৰ সৃষ্টি কৰি গীতটোৰ মাজেৰেই উপস্থাপন কৰা কাহিনীভাগে আকৰ্ষণ কৰিছে সকলোকে। ভিডিঅ’টোৱে যেন সংযোগ কৰিবলৈ সক্ষম হৈছে একাংশ শ্ৰোতা-দৰ্শকক। ৬ মিনিট দৈৰ্ঘ্যৰ এই গীতটোৰ মাজত যেন নৱপ্ৰজন্মৰ কলা-কুশলীয়ে নতুন কিবা এটা কৰা প্ৰচেষ্টা হাতত লৈছে তাক দেখা পোৱা যায়; মুক্তিৰ পূৰ্বেই গীতটোক লৈ চচিয়েল মিডিয়াত চৰ্চা চলিছিল সকলোৰে মাজত। এটি সৰু কাহিনীৰে গীতটিত অন্তৰ্নিহিত বিষয়বস্তুক বুজাই দিয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনৰে কাম নুই কৰিব পৰা নাযায়। ক্ষন্তেকতে ভিউৱাৰচৰ ভিৰ নালগিলেও এওঁলোকৰ দ্বাৰা কৰি থকা ইটোৰ পিছত সিটো সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ।


গীতটিত কন্ঠদান কৰিছে নম্ৰতা কাশ্যপে লগতে ইয়াত কথা আৰু পৰিচালনা বৰষা বৰাৰ। সংগীত ব্যৱস্থাপনা আৰু গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই লগতে চিতাৰ বজাইছে শুভাংকৰ হাজৰিকাই। শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰা হৈছে @RedAv ষ্টুডিঅ’ত পিংকু দাসৰ দ্বাৰা। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু তথা পৰিচালনা প্ৰণৱ ভৰালীৰ। অভিনয় কৰিছে কমল লোচন, নম্ৰতা কাশ্যপ, ত্ৰিবেণী গগৈ, জ্যোতিস্মৃতা শৰ্মা আৰু সীমান্ত কলিতাই। দেশত চলি থকা এক বিভীষিকাময় পৰিস্থিতিৰ মাজত একাংশ নৱপ্ৰজন্মই তেওঁলোকৰ প্ৰতিভাক গুৰুত্ব দি নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাবলৈ কৰি থকা প্ৰচেষ্টা সঁচাকৈ আদৰণীয়।

কাহিনী আৰু উপভোগ্য বিষয়বস্তুৰে "তুমি নহ'লে"- 2


আচলতে, আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform