Rupaliparda.com
"অক্টোপাছ" ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক- 1

“অক্টোপাছ” ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক-

আপোনালোককক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। “লক-ডাউন” ৰ সময়ছোৱাতটো আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ মন-মগজুত ক্ৰিয়া কৰি আছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত এখন হৈছে “অক্টোপাছ”; শেহতীয়াকৈ এই চুটি ছবিখনে মনোনয়ন লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ THE LIFT OF SESSION FILM FESTIVAL In Pinewood Studios ত। ইয়াৰ আগতেও ছবিখন ভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। বিগত বছৰত অনুষ্ঠিত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত “অক্টোপাছ” ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান। ছবিখন পৰিচালনা কৰাৰ সমান্তৰালকৈ ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য আছিল ৰাজা চৰণ সিঙৰ।

"অক্টোপাছ" ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক- 2
"অক্টোপাছ" ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক- 3


গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনৰ সম্পাদনা বিভাগৰ ছাত্ৰ আৰু এটি ব্যক্তিগত চেনেলত কৰ্মৰত পৰিচালক গৰাকীয়ে জৰ্জ বাৰ্ণাডশ্বৰ এষাৰ কথাক “অক্টোপাছ” ৰ জৰিয়তে ৰাইজৰ মাজত উপস্থাপন কৰিছে। কথাষাৰ আছিল, “চিগাৰেটৰ এটা মূৰত থাকে একুৰা জুই আৰু আনটো মূৰত থাকে এজন মূৰ্খ”। ছবিখনত চিনেমেটিক ট্ৰিটমেন্ট দিয়াত পৰিচালক গৰাকী যে সফল হৈছে; ইতিমধ্যে এই বিষয়েও বিভিন্নজন দৰ্শকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। চুটি ছবিখনত অভিনয় কৰিছে প্ৰশান্ত কুমাৰ দাস আৰু গীতাৰ্থ শৰ্মাই। প্ৰবীণ বসুমতাৰীৰ দৃশ্যগ্ৰহণেৰে ছবিখনত সংগীত পৰাণ বৰকটকীৰ। উল্লেখ্য যে, এই চুটি ছবিখনত পোন প্ৰথমবাৰৰ বাবে Beat boxing ৰ সহায়েৰে সংগীত কৰা হৈছে। ছবিখনৰ সহঃপৰিচালনা পাৰ্থ প্ৰতীম হালৈ আৰু ভাৰ্গৱ চহৰীয়াৰ লগতে সম্পাদনা জিতু ৰয়, অসীম শৰ্মা আৰু মৃন্ময় আমিক ফুকনৰ। শব্দ ভূপেশ শইকীয়াৰ আৰু গ্ৰাফিক্স সৌৰভৰ লগতে ৰূপসজ্জা তিব্ৰজ্যোতি বৈৰাগীৰ।

"অক্টোপাছ" ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক- 4
"অক্টোপাছ" ৰ আন এক সফলতাঃ জীৱন দৰ্শনৰ কাহিনীয়ে মুহিছে দৰ্শকক- 5


জীৱন যাপনৰ সুখানুভূতি তথা মাদকতা লগতে কেতিয়াবা লক্ষ্য-উদ্দশ্যে বিচাৰি পথভ্ৰষ্ট হোৱা কথাবোৰৰ মাজতেই একোজন মনুষ্যৰ কাহিনী সন্নিৱিষ্ট হয় থাকে। আৰু, এনে কাহিনীক ছবি আকাৰে প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত উলিয়াই দিয়াটো যে একেবাৰেই সহজ নহয়; সেয়া উপলদ্ধি কৰিব পৰা যায়। তৎস্বত্বেও এনেবোৰ কাৰণত একোজন পৰিচালকে কৰা প্ৰচেষ্টা লেখত ল’বলগীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform