Rupaliparda.com
"Arranged" য়ে কৰিলে বহুল দৰ্শকক এৰেঞ্জঃ সুন্দৰ পৰিচালনা; উপভোগ্য অভিনয়ৰে গ্ৰহণযোগ্য "Arranged"! 1

“Arranged” য়ে কৰিলে বহুল দৰ্শকক এৰেঞ্জঃ সুন্দৰ পৰিচালনা; উপভোগ্য অভিনয়ৰে গ্ৰহণযোগ্য “Arranged”!

বিবাহ; জীৱনৰ আটাইবোৰ সম্পৰ্কতকৈ মধুৰ আৰু দায়িত্বশীল সম্পৰ্কৰ মাজৰ এটা হৈছে “বিবাহ”। য’ত দুইজন ব্যক্তিয়ে নিজৰ কিছু বস্তু বা প্ৰয়োজনীয়তা এৰা-ধৰাকৈ সম্পূৰ্ণ কৰি অইন জনৰ মুখত হাঁহি বিৰিঙাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। “লভ মেৰেজ” আৰু “এৰেঞ্জ মেৰেজ”; এই দুইটা শব্দৰ মাজত ভিন্নতা থাকিলেও প্ৰেম আৰু আৱেগ অথবা ইজনৰ আনজনৰ প্ৰতি থকা আন্তৰিকতাবোৰ দুইটাতে আছে। সেইবাবেই হয়টো বহুতেই কোৱা শুনো যে, “বিয়াৰ লাৰু খালেও বেয়া আৰু নাখালেও বেয়া”। চলিত বৰ্ষত মহামাৰীয়ে সৃষ্টি কৰা ত্ৰাস আৰু “লক-ডাউন” ৰ ফলত বহু ফাট মেলা বৈবাহিক সম্পৰ্কত আশাৰ সঞ্চাৰ বৈছিল আৰু পূৰ্বতকৈ অধিক ই সুন্দৰ হৈ পৰিছিল। এনে কাহিনীক কেন্দ্ৰ কৰি কিছু চুটি ছবিৰ আমি নিৰ্মাণ দেখিবলৈ পাইছিলো। কিন্তু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “Arranged” শীৰ্ষক চুটি ছবিখনত দৰ্শকে লাভ কৰিছে এক নতুনত্ব তথা সম্পৰ্কৰ গভীৰতা সমূহৰ এক সুন্দৰ সোঁৱাদ। চুটি ছবিখনৰ পৰিচালনাৰ লগতে ইয়াৰ কাহিনীয়ে যেন দৰ্শকক বাৰুকৈয়ে চুই গৈছিল; যাৰ ফলত ই মুক্তিৰ পিছতেই দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছিল।


“লক-ডাউন” এতিয়াৰ সৃষ্টি সমূহৰ বিষয়বস্তু ৰূপে পৰিগণিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছ। “লক-ডাউন” য়ে পেলোৱা ধনাত্মক-ঋণাত্মক প্ৰভাৱবোৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ’বলগীয়া সৃষ্টি সমূহে আগন্তুক সময়তো এনেদৰেই দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈ পৰিব। KC Digital Films নামে অনলাইন প্লেটফৰ্মত মুক্তি লাভ কৰা উক্ত চুটি ছবিখনত অভিনীত লিমা দাস আৰু ৰঞ্জীৱ লাল বৰুৱাৰ অভিনয়ৰ চৰ্চা বৰ্তমান সৰ্বত্ৰে; চুটি ছবিখন দৰ্শকক হৃদয়ংগম কৰোৱাৰ ক্ষেত্ৰত এওঁলোকে কৰা প্ৰচেষ্টা প্ৰশংসনীয়। উক্ত চুটি ছবিখনৰ কাহিনীভাগ লিখাৰ লগতে ইয়াৰ আন এক চৰিত্ৰত অভিনয়ো কৰিছে হৰ্ষ সিদ্ধান্তই; হৰ্ষ সিদ্ধান্তৰ চৰিত্ৰটোৱে চুটি ছবিখন আৰু অধিক উপভোগ্য কৰি তোলাত সফল হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ২২ মিনিট দৈৰ্ঘ্যৰ চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা সমুজ্জল কাশ্যপৰ পৰিচালনাৰ দিশটো যে সঁচাকৈ মজবুত সেয়া একাষাৰেই কৈ দিব পৰা যায়।

"Arranged" য়ে কৰিলে বহুল দৰ্শকক এৰেঞ্জঃ সুন্দৰ পৰিচালনা; উপভোগ্য অভিনয়ৰে গ্ৰহণযোগ্য "Arranged"! 2


চুটি ছবিখনত সংগীত কৰিছে ৰূপম ভূঞা আৰু ৰাকেশ বড়োই; নগেন বৈশ্যৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা কৰিছে গৌতম মজুমদাৰে। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা, ফাইনেল মিক্সিং কৰিছে বুলগানীন বৰুৱা আৰু লোকেশ্বন চাউণ্ড ৰেকৰ্ডিং কৰিছে ৰুক্মজিৎ বৰুৱাই। “লক-ডাউন” ৰ বিষয়বস্তুৰে নিৰ্মিত একোটা সৃষ্টিৰ মাজত গ্ৰহণযোগ্য “Arranged”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform