Rupaliparda.com
জীৱনৰ সৰল সমীকৰণৰ কিছু জটিল নিয়মৰ আঁত ধৰি সৃষ্ট নতুন গীত "ভগ্নাংক"- 1

জীৱনৰ সৰল সমীকৰণৰ কিছু জটিল নিয়মৰ আঁত ধৰি সৃষ্ট নতুন গীত “ভগ্নাংক”-

প্ৰাপ্তি-অপ্ৰাপ্তিৰ কিছু অংকৰ যোগ-বিয়োগ, সৰল সমীকৰণৰ লগতে আহিব পৰা কিছু জটিল নিয়মৰ সন্মুখীন আমি প্ৰত্যেকেই নিজ জীৱনত হৈছো। নহয়নে?? আচলতে, দৈনন্দিন জীৱনত থকা এনেবোৰ খলা-বমাই আমাক বহু কথা শিকাই যায়। আমি নিজৰ সৈতে কিছু টুকুৰা-টুকুৰ কথাৰে আলাপ কৰো; অইনৰ সমুখত বহিঃপ্ৰকাশ নোহোৱা কথাবোৰ নিজৰ লগতেই পাতি থওঁ। তুমি, মই, আপুনি বুলিয়েই নহয় আমি প্ৰত্যেকেই এনে ভাৱনাত বিভোৰ হয় পৰো; আমি সকলোবোৰেই ক’ৰবাত নহয় ক’ৰবাত ভঙা; সৰু সৰু ভগ্নাংশৰে টাপলি মৰা আমিবোৰ এনদৰেই জীৱন অতিবাহিত কৰো। শেহতীয়াকৈ এনেবোৰ কথাৰ আঁত ধৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছিল এটি গীত “ভগ্নাংক”; অৰ্থাৎ ভগা অংশৰেই গঠিত “ভগ্নাংক”। ইতিমধ্যে নৱপ্ৰজন্মৰ দ্বাৰা সৃষ্টি হোৱা একাংশ গীতৰ মাজৰ এটা হৈছে “ভগ্নাংক”; গীতটিৰ বিষয়বস্তুটোৱে ইতিমধ্যে দৰ্শক-শ্ৰোতাক আপ্লুত কৰাত সক্ষম হৈছে।


“ভগ্নাংক” শীৰ্ষক গীতটিত কথা দিয়াৰ লগতে ইয়াত সুৰ আৰু কন্ঠদান কৰিছে ৰক্তিমে। সংগীত দিছে কৌশিক শইকীয়াই; পিয়ানো’ বজাইছে বিজয় চেতিয়াই। শব্দ সংমিশ্ৰণ কৰিছে মুক্তি মূহুৰ্ত হাজৰিকাই। গীতটি বাণীবদ্ধ কৰিছে সৌৰভ নাথে লগতে গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে প্ৰীতিস্মিতা ঠাকুৰীয়াই। গীতটিৰ ভিডিঅ’ ত ইয়াৰ কথাৰ পূৰ্ণ প্ৰতিফলন ঘটোৱাত সফল হৈছে গীতাশ্ৰী; আনহাতে দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল সুস্মিতা তালুকদাৰ। একাংশ নতুন গীতৰ জনপ্ৰিয়তাক বৰ্তমান নুই কৰিব পৰা নাযায়; তেওঁলোকৰ সৃষ্টি সমূহত বহুল অংকৰ ভিউৱাৰচে আহি ভিৰ নকৰিলেও সৃষ্টিৰ আঁৰৰ প্ৰতিভা সঁচাকৈ লেখত ল’বলগীয়া।

জীৱনৰ সৰল সমীকৰণৰ কিছু জটিল নিয়মৰ আঁত ধৰি সৃষ্ট নতুন গীত "ভগ্নাংক"- 2

“কঠীয়াতলী” নামে ইউটিউব চেনেলটোত মুক্তিপ্ৰাপ্ত উক্ত গীতটিৰ কথা তলত দি দিয়া হৈছেঃ

ম‌ই এজন ভগা মানুহ
এখন ভগা হৃদয় লৈ
স্মৃতিৰ দলিচা পাৰি
আছো তোমাৰ কথাকে ভাবি

লাহে লাহে ওঁঠৰ হাঁহিত
আধা অঁকা এখন ছবিত
শেঁতা শেঁতা ৰঙ বোলায়
মোৰ চকুলো শুকায়

ম‌ই এজন ভগা মানুহ

বেবেৰিবাং কথাৰ
আলফুলীয়া এঠা
তুমি নুবুজা

আধা লিখা কবিতা মোৰ
আৰু শেঁতা শেঁতা তুলিকা

ৰান্ধনী-ৰ’দৰ পৰত
পাৰজাকে ঘৰৰ মূধত
কিবাকিবি বলকে
মোক আমনি কৰে

ৰান্ধনী ৰ’দৰ পৰত
পখীজাকো ওভতাৰ পথত
নাৱৰীয়াৰ কৰুণ সুৰত
বেবেৰিবাং কথাৰ মাজত
আলফুল এঠাৰ আঁৰত
আধা অঁকা ছবিখনত

স্মৃতিৰ দলিচা পাৰি
আছো তোমাৰ কথাকে ভাবি

ম‌ই এজন ভগা মানুহ”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform