Rupaliparda.com
কন্ঠশিল্পী পিংকি মেধিৰ নতুন "দৃশ্যপট"- 1

কন্ঠশিল্পী পিংকি মেধিৰ নতুন “দৃশ্যপট”-

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কন্ঠশিল্পী তথা অসম জীয়ৰী পিংকি মেধি (শাওনী মেধি) ৰ কন্ঠৰে আহি আছে এটি নতুন গীত “দৃশ্যপট”। Greenvibes Studios ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ ভিডিঅ’ সহ লাভ কৰিব মুক্তি। মাজুলীত জন্মগ্ৰহণ কৰা পিংকিয়ে চাৰি বছৰৰ পৰা সংগীত ক্ষেত্ৰখনত কৰা নিৰৱিচ্চিন্ন সাধনাই তেওঁক কেৱল মাত্ৰ অসমীয়া সংগীতেই নহয়; হিন্দী, মাৰাঠী, গুজৰাটী তথা পাঞ্জাৱী ইত্যাদি গীতসমূহৰ ওপৰত তেওঁৰ বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে।অসমীয়া লোকসংস্কৃতি অথবা সংগীত ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিবা এটা কৰাৰ খাতিৰত নৱপ্ৰজন্মৰ সৃষ্টি সমূহ আৰু অধিক গ্ৰহণযোগ্য হৈ পৰে। কিছুদিন পূৰ্বে পিংকি মেধিৰ কন্ঠৰে মুক্তি লাভ কৰিছিল আন এটি গীত “এজাক প্ৰেমৰ গীত”; গীতটিৰ কন্ঠকে ধৰি ইয়াৰ সৈতে সন্নিৱিষ্ট ভিডিঅ’টিয়েও লাভ কৰিছিল দৰ্শক-শ্ৰোতাৰ বহুল সমাদৰ। এতিয়াৰ তথাকথিত একাংশ গীতত যদিও ভিউৱাৰচৰ আকৰ্ষণীয় সংখ্যা দেখিবলৈ পোৱা যায় তৎস্বত্বেও সেই গীত সমূহে জনসাধাৰণক আমোদ প্ৰদান কৰাৰ ক্ষেত্ৰত একেবাৰে নিম্ন মান দণ্ডৰ হৈ পৰে।


পিংকি মেধিৰ আহিবলগীয়া “দৃশ্যপট” শীৰ্ষক এই গীতটিত কথা জ্যোতিৰ্ময় ভাগৱতীৰ। গীতটিৰ পৰিচালনাৰ লগতে কন্ঠদান কৰিছে পিংকি মেধিয়ে। সংগীত প্ৰযোজনা জাগৰণ শইকীয়াৰ লগতে গীতাৰ ভাস্কৰ শইকীয়াৰ আৰু বেছ প্ৰাণজয় দত্তৰ। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে পম্পী মেধিয়ে; দুলীয়াজানত শ্বুট হোৱা এই গীতটিৰ ভিডিঅ পৰিচালনা আৰছাদ আহমেদৰ। গীতটিয়ে আগন্তুক সময়ছোৱাত শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি বৰ্তমান খুবেই আশাবাদী গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।

কন্ঠশিল্পী পিংকি মেধিৰ নতুন "দৃশ্যপট"- 2


আচলতে, আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform