Rupaliparda.com
এইবাৰ "FADED" ৰে সমাদৰ বুটলিছে কমল লোচন আৰু সুৰভীয়েঃ 1

এইবাৰ “FADED” ৰে সমাদৰ বুটলিছে কমল লোচন আৰু সুৰভীয়েঃ

সদ্যমুক্তিপ্ৰাপ্ত চুটি ছবি “FADED” য়ে টানিছে দৰ্শকৰ আকৰ্ষণ। পুনৰ ভাইৰেল হৈছে এখন অসমীয়া চুটি ছবি আৰু উল্লেখনীয় নৱপ্ৰজন্মৰ সৃষ্টি। চুটি ছবিখনে খলকনি লগাইছে সচেতন মহলত; একাংশ নৱপ্ৰজন্মৰ সৃষ্টিত আপ্লুত হৈছে প্ৰতিজন দৰ্শক। V Six Motion Pictures শীৰ্ষক এই প্ৰডাকচন হাউচটোৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত এই চুটি ছবিখনে শেষলৈ দৰ্শকৰ দৃষ্টি নিবদ্ধ কৰি ৰখাত সক্ষম হৈছে যেন অনুভৱ হয়। যথেষ্ট কম সময়ৰ ভিতৰত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত চুটি ছবিসমূহক ইতিমধ্যে সমাদৰ জনাইছে দৰ্শকে। আপোনজনক হেৰুৱাৰ গভীৰ বিষাদ আৰু প্ৰেমিকদ্বয়ে ইজনে আনজনৰ মাজত সোমাই ৰখা আন্তৰিকতাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “FADED”। চুটি ছবিখনত মূখ্য চৰিত্ৰত অভিনীত কমল লোচনৰ অভিনয় আচলতে লেখত ল’বলগীয়া; তেওঁৰ এনে ধৰণৰ চৰিত্ৰক উপভোগ কৰিও তেওঁৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হোৱা পৰিলক্ষিত হয়।


১৯ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত অভিনেত্ৰী সুৰভী দাসেও নিজৰ অভিনয়ৰ প্ৰতিটো গুণক অন্তৰ্ভূক্ত কৰি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু, চুটি ছবিখনৰ বিষয়বস্তুটোৰ তুলনাত ইয়াৰ নিৰ্মাণত ব্যৱহৃত ১৯ মিনিট দৈৰ্ঘ্যই জনসাধাৰণক কিছু আমনি দিয়া যেনো অনুভৱ হয় যদিও ইয়াত অভিনীত শিল্পীদ্বয়ৰ অভিনয়ে আৰু অধিক উপভোগ্য কৰি তোলাত সক্ষম হৈছে চুটি ছবিখন। দৃশ্যগ্ৰহণ আৰু পৰিচালনাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ সাৱলীলতা অনুভৱ কৰিব পৰা গৈছে। অভিনৱ কাশ্যপৰ পৰিচালনা আৰু কাহিনীৰে চুটি ছবিখনৰ সংলাপ ধ্ৰুৱ জ্যোতি বৰ্মনৰ। চিত্ৰনাট্য ধৃতিমান বড়োৰ; ছবিখনৰ সহঃপৰিচালনা জুবিন দাস আৰু অয়নজিৎ দেৱ শৰ্মাৰ।

এইবাৰ "FADED" ৰে সমাদৰ বুটলিছে কমল লোচন আৰু সুৰভীয়েঃ 2


দৃশ্যগ্ৰহণ আৰু সম্পাদনা হাৰ্দিক কাশ্যপৰ লগতে ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে যুগল শইকীয়া আৰু নয়ন জ্যোতি দেৱীৰ। চুটি ছবিখনৰ ৰূপসজ্জা বিভাগত আছে নিৰ্মালী কাশ্যপ দাস আৰু কৰিঅ’গ্ৰাফ বাবুসা বিজয় দাসৰ। আহিবলগীয়া সময়ত V Six Motion Pictures য়ে আন বহু নতুন ব্যতিক্ৰমী সৃষ্টিৰে দৰ্শকৰ কাষ চাপিব বুলি আশাবাদী বৰ্তমান সকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform