Rupaliparda.com
Zeroth Drama ৰ প্ৰতিটো প্ৰচেষ্টাত মুগ্ধ জনসাধাৰণঃ 1

Zeroth Drama ৰ প্ৰতিটো প্ৰচেষ্টাত মুগ্ধ জনসাধাৰণঃ

“Zeroth Drama” ৰ সৈতে জড়িত একাংশ শিল্পীয়ে সদায় সমাজৰ হকে নিৰ্মাণ হৈ থকা প্ৰকল্প সমূহেৰে আমোদ দিয়া কথা হয়টো নক’লেও আপোনালোকে জানে! ব্যংগ, হাস্য অথবা কোনো ধৰণৰ বিষয়ক লৈ এই ইউটিউব চেনেলটোৰ নিবেদনত নিৰ্মিত প্ৰকল্প সমূহে বৰ্তমানলৈ অহৰহ মনোৰঞ্জন প্ৰদান কৰিছে অসমীয়া দৰ্শকক। জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ কিছু কনচেপ্টেৰে আগবঢ়া উক্ত ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ’ৰ বাবে উৎসাহী জনসাধাৰণ। প্ৰায় ৬-১০ মিনিটৰ এটি ভিডিঅ’ৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা Zeroth Drama ৰ প্ৰচেষ্টাত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “When Mom Visits Your room” ভিডিঅ’টোক প্ৰায় প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে চচিয়েল মিডিয়াত ভাইৰেল কৰি তোলাৰ সমান্তৰালকৈ প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে।


সম্প্ৰতি সময়ছোৱাত অকণমান হাঁহিৰ অৱকাশ দিয়াটো অত্যন্ত কঠিন হৈ পৰিছে কিন্তু তেনে সময়তে একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাই জনসাধৰাণক দিয়া এনে কিছু বিৰতি মন কৰিবলগীয়া। ইউটিউব চেনেলসমূহৰ ভিতৰত জনপ্ৰিয় ইউটিউব চেনেল হৈছে Zeroth Drama।অন্বেষা মহন্ত, বেদব্ৰত বৰা আৰু অৰ্পিতা শৰ্মাৰ প্ৰচেষ্টাৰে নিৰ্মাণ হৈ থকা ভিডিঅ’ সমূহত জনসাধাৰণৰ লাইকৰ সংখ্যাও সৰ্বাধিক। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ভিডিঅ’টোতো উক্ত তিনিওগৰাকী যুৱক-যুৱতীৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোৰ দৃশ্যগ্ৰহণৰ লগতে ইয়াৰ সম্পাদনা মাধুৰ্য্য বৰাৰ।

Zeroth Drama ৰ প্ৰতিটো প্ৰচেষ্টাত মুগ্ধ জনসাধাৰণঃ 2

মাত্ৰ কেইটামান মিনিটৰ ভিতৰত জনসাধাৰণক বহুল মনোৰঞ্জন প্ৰদান কৰা Zeroth Drama ৰ প্ৰতিটো ভিডিঅ’ ৰ বাবে বৰ্তমান অপেক্ষাৰত প্ৰতিজন দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform