Rupaliparda.com
জুবিন গাৰ্গ বিশেষঃ জন্মদিন উপলক্ষে একাংশ কন্ঠশিল্পীৰ হাৰ্টথ্ৰৱলৈ শুভকামনা- 1

জুবিন গাৰ্গ বিশেষঃ জন্মদিন উপলক্ষে একাংশ কন্ঠশিল্পীৰ হাৰ্টথ্ৰৱলৈ শুভকামনা-

জুবিন গাৰ্গৰ জন্মদিন; ৯০ দশক মানৰ পৰাই সংগীত ক্ষেত্ৰখনত নিজৰ চিনাকী দিবলৈ অহৰহ প্ৰয়াস কৰা এগৰাকী সংগীতশিল্পী, এগৰাকী সামাজিক দায়বদ্ধ নাগৰিক আৰু প্ৰায় প্ৰতিজন যুৱপ্ৰজন্মৰ সকলোতকৈ আপোন ব্যক্তি জুবিন গাৰ্গৰ জন্মদিন। অসমীয়া বৰগীত, লোকগীত, ৰোমান্টিক আদিকে ধৰি হিন্দী সংগীত ক্ষেত্ৰখনতো নিজৰ কামেৰে চিনাকী দি অহা এইগৰাকী হাৰ্টথ্ৰৱৰ জন্মদিনটোক লৈ প্ৰায় প্ৰত্যেকগৰাকী ব্যক্তিয়েই উৎসাহী হৈ থকা দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গ এটা ব্ৰেণ্ড; যি বহুতৰ বাবে অনুপ্ৰেৰণা। নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক যেতিয়া সংগীত ক্ষেত্ৰখনত তেওঁলোক কেতিয়াৰ পৰা জড়িত অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া তেওঁলোক প্ৰত্যেকেই নাম লোৱা ব্যক্তিগৰাকী হয় জুবিন গাৰ্গ। তেতিয়াৰ অনামিকা, মায়াৰ পৰা আৰম্ভ কৰি এতিয়াৰ জুবিন গাৰ্গৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “চিলা” শীৰ্ষক গীতটিলৈ হাৰ্টথ্ৰৱ গৰাকীৰ জনপ্ৰিয়তা অব্যাহত আছে। এতিয়াও হয়টো বহুতেই এয়াও ক’ব যে, ৰাতি টোপনিটো আহিবলৈও সেই জুবিন গাৰ্গৰ “মন যায়” গানটোৰেই প্ৰয়োজন। ইয়াতেই আচলতে অংকুৰিত হৈ আছে জুবিন গাৰ্গৰ সফলতা আৰু জনপ্ৰিয়তা। ৰূপালীপৰ্দা পেজটোৰ জৰিয়তে একাংশ নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে জুবিন গাৰ্গলৈ জনাইছে জন্মদিনৰ শুভকামনা। চাওঁচোন আহকঃ

জুবিন গাৰ্গ বিশেষঃ জন্মদিন উপলক্ষে একাংশ কন্ঠশিল্পীৰ হাৰ্টথ্ৰৱলৈ শুভকামনা- 2

ভাস্বতী ভাৰতীঃ যাৰ গীতে জীৱন আনে, ফুল হৈ ফুলক তেওঁৰ জীৱন। সুখী হওঁক আজীৱন। জন্মদিনৰ অলেখ অযুত শুভকামনা…

ৰিতুপৰ্ণ বৰাঃ ৰূপালী পৰ্দাৰ তৰফৰ পৰা মই ৰিতুপৰ্ণ বৰাই মৰমৰ শিল্পী জুবিন গাৰ্গক তেখেতৰ জন্মদিনত শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰত তেওঁ আৰু অধিক সুখী হওঁক, স্বাস্থ্যবান হওঁক, সপোনবোৰ পূৰণ হওঁক। সুৰ আৰু সংগীতৰ নৈ বৈ থাকক তেওঁৰ কণ্ঠৰ পৰা।

বিদ্যুৎ বিকাশঃ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ মৰমৰ জুবিন দালৈ ওপজা দিনৰ বহুত বহুত শুভকামনা। গানৰ সুৰেৰে জগত জিনি সকলোৰে হৃদয়ত ঠাই লোৱা জুবিন দাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
“HAPPY Birthday Zubeen Daa”…

বাবন বৰ্ণিলঃ গান মানেই জুবিন গাৰ্গ। সৰুতে অডিঅ’ কেছেটত তেওঁৰ গান শুনি চিঞঁৰি থাকিছিলো; তেনেকৈয়ে হয়টো এই সংগীত ক্ষেত্ৰখনৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল। জুবিন গাৰ্গৰ গীত শুনাৰ পিছতহে হয়টো অইনৰ গান শুনা অভ্যাস গঢ় লৈছিল; কিন্তু আৰম্ভণি সদায় জুবিন দাৰ গানত আছিল। এতিয়া ভাল লাগে যেতিয়া জুবিন দাক কাষত পাওঁ, তেওঁৰ পৰা কিবা এটা শিকাৰ সুবিধা লাভ কৰো। তেওঁৰ ওপজা দিনটোত ৰূপালীপৰ্দাৰ পেজটোৰ ফালৰ পৰা মই বাবন বৰ্ণিলে তেওঁলৈ যাঁচিছো মৰম; সদায়ে এনেদৰে সৃষ্টি কৰি যাওঁক আৰু সূস্থ হৈ থাকক তাৰেই কামনা কৰিছো।

কুমাৰেশ কৌশিকঃ ক্লান্তহীন কন্ঠ আৰু সংগীতৰ সীমাহীন যাত্ৰাৰ গৰাকী জনলৈ মোৰ তৰফৰ পৰা শুভ জন্ম দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । জুবিন দাৰ সুস্বাস্থ্যৰ লগতে তেওঁৰ জীৱনযাত্ৰা সূৰ্য্যমুখী হওঁক তাৰে কামনাৰে মৰমৰ ডাঙৰ ভাতৃলৈ জন্মদিনৰ অলেখ অভিন্দন |

বিকি কলিতাঃ জুবিন দা বুলিলেই আবেগ, জুবিন দা বুলিলেই গান , জুবিন দা বুলিলেই অনুপ্ৰেৰণা। অসমবাসীৰ হিয়াৰ আমঠু জুবিন দালৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।

ইয়াৰ লগতে, অসমীয়া সংগীত ক্ষেত্ৰখনৰ উত্থানৰ লগতে অসমীয়াৰ বাবে সদায় থিয় দি থকা এইগৰাকী সুযোগ্য অসম সন্তানক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অযুত শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform