Rupaliparda.com
"মা আৰু মোহ" আৰু "মঙহ দহাৰ গোন্ধ"ঃ এখন সুন্দৰ চুটি ছবিৰে মৃণাল ডেকা- 1

“মা আৰু মোহ” আৰু “মঙহ দহাৰ গোন্ধ”ঃ এখন সুন্দৰ চুটি ছবিৰে মৃণাল ডেকা-

মা আৰু মোহ; এই দুইটা শব্দ ইটো-আনটোৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মোহৰ বাখ্যা নকৰিলেও হয়টো বুজিব পৰা যায়। সন্তানটোক লৈ থকা মাতৃগৰাকীৰ মৰম তথা আন্তৰিকতা ইমানেই বেছি দৃঢ় হৈ থাকে যে তাক লৈ মাতৃ গৰাকীয়ে তেওঁৰ সক্ষমতাৰ বাহিৰৰ কিছু কাম কৰিবলৈও আগবাঢ়ি যায়। এই প্ৰসংগটোকেই সামৰি কিছুদিনপূৰ্বে এখন চুটি ছবিৰ নিৰ্মাণ কৰা হৈছিল; মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি “মঙহ দহাৰ গোন্ধ” শীৰ্ষক চুটি ছবিখনৰ শেহতীয়াকৈ প্ৰথমটো স্ক্ৰীণিং কৰা হৈছিল গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্ছন হ’লত। প্ৰথমটো স্ক্ৰীণিঙত উপস্থিত আছিল সংগীতশিল্পী ইবচন লাল বৰুৱা, তথ্যচিত্ৰ পৰিচালক দীপ ভূঞাৰ লগতে পৰিচালক চন্দ্ৰ মুদৈ, প্ৰকাশ ডেকা, মানস বৰুৱাৰ, প্ৰণৱ বিবেকৰ লগতে আন বহুকেইজন অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলী। উপস্থিত প্ৰতিজন বিশিষ্ট ব্যক্তিয়ে চুটি ছবিখনক লৈ দিয়া মন্তব্যটো প্ৰায় একধৰণৰেই আছিল। তেওঁলোক সকলোৱে চুটি ছবিখন উপভোগ কৰি নতুনত্ব তথা ব্যতিক্ৰমৰ সোঁৱাদ পোৱা বুলি মন্তব্য কৰে। অৱশ্যে তেওঁলোকৰ মন্তব্যনুসাৰে চুটি ছবিখনে প্ৰতিজন দৰ্শকৰো হাত চাপৰি লাভ কৰিবলৈ সক্ষম হৈছে; কিয়নো এটা নিচেই কণমানি বছৰীয়া শিশুৰ পৰা “অৰ্গেনিক এক্সপ্ৰেছন” উলিয়াই অনাত পৰিচালক গৰাকী যথেষ্ট সফল হৈছে।

"মা আৰু মোহ" আৰু "মঙহ দহাৰ গোন্ধ"ঃ এখন সুন্দৰ চুটি ছবিৰে মৃণাল ডেকা- 2


দুই শিশুৰ সৈতে এগৰাকী অকলশৰীয়া মাতৃৰ জীৱনটোক লৈ থকা ইচ্ছা লগতে কিছু একঘেয়ামী জীৱন নিৰ্বাহৰ থলৰ পৰা আঁতৰি নতুনক বিচাৰি সৰ্বস্ব হেৰুৱাবলগীয়া হোৱা বিষয়টোৱে চুটি ছবিখনক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। মানস চাগ্ৰাৰ কাহিনীৰে নিৰ্মিত “মঙহ দহাৰ গোন্ধ” শীৰ্ষক এই চুটি ছবিখনত অভিনেত্ৰী প্ৰণামী বৰাই মুখৰ অংগী-ভংগীৰে পৰিস্থিতি বুজাই দিয়া কথাটোৱে চুটি ছবিখন আৰু উপভোগ্য কৰি তুলিছে। জানিব পৰা মতে, পৰিচালক মৃণাল ডেকাৰ বহু দিনীয়া কষ্ট, সাধনাৰে নিৰ্মিত এই চুটি খন আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলচে আৰু ইয়াৰ সহঃ প্ৰযোজনা উষামণি গোস্বামীৰ। স্বাধীনভাৱে নিৰ্মিত “মঙহ দহাৰ গোন্ধ” চুটি ছবিখনে জনসাধাৰণক সংযোগ কৰাত সফল হৈছে; এই কথাষাৰ এইবাবেই কোৱা হৈছে কিয়নো তাত ব্যৱহৃত বেকগ্ৰাউণ্ড শব্দ বোৰে এবাৰলৈও দৰ্শকক আমনি লগোৱা নাছিল। চুটি ছবিখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ আছিল দুই শিশু শিল্পী ক্ৰমে আদৱিক পি গগৈ আৰু আদ্ৰিতী পি গগৈ। আনহাতে, ইয়াত আন এটি চৰিত্ৰত অভিনয় কৰিছে বদলাৰয়্যণ সিনহাই।

"মা আৰু মোহ" আৰু "মঙহ দহাৰ গোন্ধ"ঃ এখন সুন্দৰ চুটি ছবিৰে মৃণাল ডেকা- 3
"মা আৰু মোহ" আৰু "মঙহ দহাৰ গোন্ধ"ঃ এখন সুন্দৰ চুটি ছবিৰে মৃণাল ডেকা- 4


নৱপ্ৰজন্মৰ সৃষ্টিত থকা নতুনে এতিয়া দৰ্শককো বহু ক্ষেত্ৰত ভিন্ন সোঁৱাদ দিবলৈ সক্ষম হৈছে। চুটি ছবিখনত সংগীত দিছে ইবচন লাল বৰুৱাই লগতে চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে দেৱজিৎ গায়ন আৰু ইয়াৰ সহঃ পৰিচালক হৈছে সত্যজিৎ লগতে নুপূৰ বৰুৱা। ডি.আই কালাৰিষ্ট ৰূপে আছে অসীম শৰ্মা আৰু ইয়াত চিনেমেটো’গ্ৰাফী কৰিছে বিতুল দাসে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform