Rupaliparda.com
মাত্ৰ ৫ টা দিনতেই জনপ্ৰিয় সান্নিধ্য আৰু তন্ময়ৰ যুঁটিৰে "জীপাল 2.0"- 1

মাত্ৰ ৫ টা দিনতেই জনপ্ৰিয় সান্নিধ্য আৰু তন্ময়ৰ যুঁটিৰে “জীপাল 2.0”-

এগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পীৰ এটি গীতে ক্ষন্তেকতে লাভ কৰা জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। সঁচা কথা ক’বলৈ গ’লে, তেওঁলোকৰ প্ৰায় প্ৰতিটো গীতেই সফলতা চুমাৰ সমান্তৰালকৈ অনুৰাগীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। কিন্তু, সলনি হোৱা সময়ৰ সৈতে বৰ্তমান একাংশ এনে নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ জন্ম হৈছে যাৰ একোটা গীতত দৰ্শকৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছে। শেহতীয়াকৈ, সান্নিধ্য ভূঞা আৰু তন্ময় কৃপটনৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত গীত “জীপাল 2.0” য়ে মুক্তিৰ চাৰিদিন পিছতেই ইউটিউবত লাভ কৰা সমাদৰে গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। গীতটিত সুৰ দিয়াৰ লগতে ইয়াৰ প্ৰযোজনা তন্ময়ৰ আৰু উক্ত গীতটিত কন্ঠদান কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে সান্নিধ্য ভূঞা। “জীপাল 2.0” ৰ কথা ৰাজীৱ ভূঞাৰ; গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সমীৰণ মহন আৰু খ্যাতি দাসে। Royals Films Raw ৰ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে নিৰ্মিত গীতটিৰ কাহিনী ধ্যানী মহন তথা ৰাহুল বৰাৰ।


সম্প্ৰতি জনপ্ৰিয় হৈ পৰা EDM ধাৰাটোৰ ভিতৰত এটা উল্লেখনীয় গীত হৈ পৰিছে “জীপাল 2.0″। বলীউডত EDM সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো। সদ্যমুক্তিপ্ৰাপ্ত “জীপাল 2.0” শীৰ্ষক গীতটিক লৈ নৱপ্ৰজন্মৰ মাজত এক বিশেষ উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সান্নিধ্য ভূঞাৰ লগতে তন্ময়ৰ এই যুঁটিটোৱে চচিয়েল মিডিয়াত বহুল প্ৰশংসিত হোৱাৰ লগতে তেওঁলোকৰ ফালৰ পৰা আন বহু কামৰ আশা প্ৰকাশ কৰিছে একাংশই।

মাত্ৰ ৫ টা দিনতেই জনপ্ৰিয় সান্নিধ্য আৰু তন্ময়ৰ যুঁটিৰে "জীপাল 2.0"- 2


নৱপ্ৰজন্মৰ প্ৰচেষ্টাত উৎসাহিত সকলো। দেশত চলি থকা এক বিভীষিকাময় পৰিস্থিতিৰ মাজত একাংশ নৱপ্ৰজন্মই তেওঁলোকৰ প্ৰতিভাক গুৰুত্ব দি নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাবলৈ কৰি থকা প্ৰচেষ্টা সঁচাকৈ আদৰণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform