Rupaliparda.com
কিমান আছিল আলী ফজলৰ প্ৰথমটো উপাৰ্জন??- 1

কিমান আছিল আলী ফজলৰ প্ৰথমটো উপাৰ্জন??-

চচিয়েল মিডিয়াত প্ৰায়ে একোটা ট্ৰেণ্ড আৰম্ভ হয়; এই ট্ৰেণ্ডবোৰৰ বশৱৰ্তী হৈ প্ৰায়ে বহুতেই কিছু কাম কৰে অথবা নিজৰ বিষয়ে কিছু কথা ব্যক্ত কৰা দেখিবলৈ পোৱা যায়।সেয়া লাগিলে কোনো ষ্টেটাচেই হওঁক নাইবা কোনো নৃত্যৰ বিশেষ ষ্টেপেই নহওঁক কিয়! একোটা ট্ৰেণ্ডক সাৱটি ধৰি সদায় আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। শেহতীয়াকে চচিয়েল মিডিয়াত চলা ট্ৰেণ্ডটো আছিল এনেধৰণৰ য’ত সকলোৱে নিজৰ প্ৰথমটো চাকৰি আৰু তাৰ পৰা পোৱা দৰমহাটোৰ বিষয়ে খুলি কৈছিল। সাধাৰণৰ জনৰ লগতে এই ট্ৰেণ্ডটোৰ সৈতে সাঙুৰ খাই পৰিছে বৰ্তমান একোজন বলীউড চিলেব্ৰেটীও। গুড্ডু পণ্ডিত অৰ্থাৎ জনপ্ৰিয় অভিনেতা আলী ফজলেও নিজৰ প্ৰথমটো দৰমহা আৰু চাকৰিৰ বিষয়ে জনায় নিজ অনুৰাগীক; ১৯ বছৰ বয়সত কলেজত অধ্যয়নৰত হৈ থকা অৱস্থাত আলী ফজলে ক’ল চেন্টাৰত কাম কৰিছিল আৰু য’ৰ পৰা তেওঁ মাহে উপাৰ্জন কৰিছিল ৮ হাজাৰকৈ টকা। বৰ্তমানৰ জনপ্ৰিয় তথা সফল অভিনেতাৰ মাজৰ এগৰাকী ৰূপে পৰিগণিত আলী ফজলৰ চৰ্চা সৰ্বত্ৰে।

কিমান আছিল আলী ফজলৰ প্ৰথমটো উপাৰ্জন??- 2


“মিৰ্জাপুৰ” ৱেব চিৰিজখনৰ দুইটা সংস্কৰণত অভিনেতা গৰাকীয়ে কৰা অভিনয়ে বাৰুকৈয়ে আপ্লুত কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। আনহাতে, উক্ত ট্ৰেণ্ডটোৰ প্ৰসংগ লৈ অনুভৱ সিনহাইও নিজৰ প্ৰথমটো উপাৰ্জনৰ কথা জনসাধাৰণক জনায়। পৰিচালক অনুভৱ সিনহা নিজ ১৮ বছৰ বয়সত ৮০ টকাৰে প্ৰথমটো দৰমহা পাইছিল। তেওঁ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰক কৰা টিউছনৰ দ্বাৰা এই টকা উপাৰ্জন কৰিছিল। অনুভৱ সিনহাই ছিগাৰেট খাবলৈ এই টকা উপাৰ্জন কৰা বুলি নিজেই ব্যক্ত কৰে পৰিচালকগৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform