Rupaliparda.com
পাঁচগৰাকী মহিলাৰ বিপ্লৱৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ "Breaking The Silence"- 1

পাঁচগৰাকী মহিলাৰ বিপ্লৱৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ “Breaking The Silence”-

এখন সমাজ গঢ় দিয়া লগতে এক বিপ্লৱৰ সৃষ্টি কৰাৰ মূলত থাকে এগৰাকী নাৰী। সৃষ্টিৰ মূলতেই থাকে নাৰী; আচলতে এই কথাবোৰ নতুন নহয় আৰু দুই এদিনৰ পৰা চলি থকা কথাও নহয়। যুগ যুগান্তৰৰ পৰা চলি থকা এই বিষয়টোৰ অনুৰূপ নহয় যেন সম্প্ৰতি কালছোৱাও। ৭০ দশকৰ শেষৰ ফালে পাঁচজনী নাৰীৰ প্ৰচেষ্টাৰে গঢ় লৈছিল এটা মিউজিক বেণ্ড “সুৰ-সমলয়।” পুৰুষ প্ৰধান এই সমাজ ব্যৱস্থাত যেতিয়া এখন মঞ্চত উঠি পাঁচগৰাকী মহিলাৰ এটা গোটে বাদ্যযন্ত্ৰৰ মাধ্যমেৰে এক সামাজিক বাৰ্তা প্ৰদান কৰাৰ চেষ্টা কৰে তেতিয়া সেই সময়ৰ মানসিকতা অথবা দৃষ্টিভংগীয়ে কেনে ধৰণৰ প্ৰশ্নৰ উত্থাপন কৰিব পাৰে সেয়া হয়টো আপোনালোকক নক’লেও বুজিব পাৰে। উক্ত সময়ছোৱাৰ সেই পাঁচগৰাকী নাৰীৰ বিপ্লৱৰ কাহিনীৰে এখন তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই; ৩০ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনৰ নাম হৈছে “Breaking The Silence“। “সুৰ সমলয়” নামে এই মিউজিকেল বেণ্ডটোৰ গঠনৰ পিছতেই আৰম্ভ হোৱা “অসম আন্দোলন” ৰ সময়ত সংগীতেৰে এক বিপ্লৱৰ সূচনা কৰাৰ মানসিকতা ৰখা এই পাঁচোগৰাকী শিল্পীৰ কাহিনীক অন্তৰ্ভূক্ত কৰি তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবিখনক লৈ উৎকন্ঠা সকলোৰে।

পাঁচগৰাকী মহিলাৰ বিপ্লৱৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ "Breaking The Silence"- 2
পাঁচগৰাকী মহিলাৰ বিপ্লৱৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ "Breaking The Silence"- 3


জানিব পৰা মতে, উক্ত পাঁচগৰাকী স্বাধীনকেন্দ্ৰিক নাৰীৰ মাজৰ এগৰাকী হৈছে ইছলাম সম্প্ৰদায়ৰ। তেওঁ বজোৱা বাদ্যযন্ত্ৰটোক লৈও অথবা তেওঁৰ পেছাগত বিষয়টোক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱাৰ লগতে অসমীয়া সমাজেও সাধাৰণভাৱে গ্ৰহণ কৰা নাছিল এই কথাবোৰ। বিবাহৰ চৰ্ত স্বৰূপেও ৰাখিছিল কেতবোৰ চৰ্তাৱলী; কিন্তু অৱশেষত এই সকলোবোৰ উফৰাই নিজক স্বাধীন অথবা সমাজ পৰিৱৰ্তনৰ হকে তেওঁলোকে কৰা ত্যাগ আৰু মহানুভৱতাৰ লগতে সমাজৰ তথাকথিত কিছু নিয়মৰ পৰা ফালৰি কাটি ওলাই অহাত আজিও তেওঁলোকক জনসাধাৰণৰ হৃদয়ত জীৱন্ত কৰি তোলাত সক্ষম হ’ব। উল্লেখ্য যে, পোন প্ৰথমবাৰৰ এইবাৰ এখন তথ্যচিত্ৰত অন্তৰ্ভূক্ত কৰা হ’ব এটা গীত; ইবচন লাল বৰুৱাৰ কথাৰে নিৰ্মিত এই গীতটিত কন্ঠদান কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা জয় বৰুৱাই। সাম্প্ৰতিক সামাজিক সমস্যাসমূহক লৈ সক্ৰিয় ৰূপে মাত মতা এগৰাকী শিল্পী ৰূপে পৰিগণিত জয় বৰুৱাৰ কন্ঠৰে মুক্তি পাবলগীয়া এই গীতটিক লৈ উৎসাহিত দৰ্শক-শ্ৰোতা। ইতিমধ্যে গীতটিৰ দুখনকৈ পোষ্টাৰ মুকলি কৰা হৈছে।

পাঁচগৰাকী মহিলাৰ বিপ্লৱৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ "Breaking The Silence"- 4


পৰিচালকগৰাকীয়ে জনোৱা মতে, এগৰাকী মহিলা কোনো বান্ধোনৰ বশৱৰ্তী আচলতে নহয়। বিবাহৰ পৰৱৰ্তী সময়ছোৱাত তেওঁৰ নামটোৰ অস্তিত্বৰ সৈতে যি “ঈ” ৰ মাত্ৰা যোগ দিয়া হয় সেই আটাইবোৰ কিছু তথাকথিত নিয়মৰ আগত বিৰাম লগাবলৈ এই গীতটিৰ উপস্থাপন কৰা হৈছে “Breaking The Silence” শীৰ্ষক এই তথ্যচিত্ৰ খনত। নাৰীৰ প্ৰতিবাদী কন্ঠ যাতে সাৰ্বজনীন ভাৱে আগবাঢ়ি যায় তাৰ চেষ্টাতেই নিৰ্মাণ কৰি উলিওৱা হৈছে “Breaking The Silence”। এই তথ্যচিত্ৰখনত কেৱল মাত্ৰ অসমৰ কথাই উপস্থাপন কৰা হোৱা নাই; ই সমগ্ৰ বিশ্বৰ মহিলাৰ এক প্ৰতিচ্ছবিক উপস্থাপন কৰা হৈছে। অহা ডিচেম্বৰ মাহত চেঞ্চৰ হ’বলগীয়া তথ্য চিত্ৰখনৰ “পৰিধি ভাঙি” গীতটিকো মুকলি কৰা ডিচেম্বৰ মাহতেই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform