Rupaliparda.com
ফেনপেজ সমূহকলৈ অসুখী একালৰ অভিনেত্ৰী জাইৰা ৱসীমঃ 1

ফেনপেজ সমূহকলৈ অসুখী একালৰ অভিনেত্ৰী জাইৰা ৱসীমঃ

বলীউড ছবি “ডংগল” ত অভিনীত অভিনেত্ৰী জাইৰা ৱসীমে বিগত বৰ্ষত অৰ্থাৎ ২০১৯ চনতে ছবিক্ষেত্ৰখন এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ নিজ অভিনয় কেৰিয়াৰ সামৰি ধৰ্মৰ ৰাষ্টাৰে আগবঢ়াৰ কথা প্ৰকাশ কৰিছিল; যি কথাই তেওঁৰ বহু অনুৰাগীক অসন্তোষ কৰি তুলিছিল। বহুতে তেওঁৰ এনে সিদ্ধান্তক বহুল ৰূপত সমালোচনা কৰাৰ উপৰিও তেওঁক অভিনয় কেৰিয়াৰ এৰি নাযাবলৈও আহ্বান জনাইছিল। কিন্তু এই আটাইবোৰ কথাক উফৰাই জাইৰাই ধৰ্মৰ প্ৰতি নিজ মূৰ দোৱাইছিল। অভিনয় ক্ষেত্ৰখন এৰিলেও জাইৰা চচিয়েল মিডিয়াত প্ৰায় সক্ৰিয় ৰূপত থাকে যদিও তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে সাঙুৰ খোৱা কথাবোৰ তেওঁ কোনো কাৰণতে ৰাজহুৱা নকৰে। কেৱল মাত্ৰ জীৱন আৰু ধৰ্মক লৈ কিছু মেছেজ তেওঁ চচিয়েল মিডিয়া যোগে ৰাইজলৈ আগবঢ়ায়। কিন্তু, যদিও জাইৰাই বৰ্তমান চচিয়েল মিডিয়াত নিজৰ ব্যক্তিগত জীৱনক লৈ একো পোষ্ট নকৰে তথাপিও একাংশ তফেন পেজে এতিয়াও তেওঁৰ বহু ফটো দৈনন্দিন হিচাপত পোষ্ট কৰি থকা দেখিবলৈ পোৱা যায়। ফলত, এই কথাটোক লৈ অসুখী হৈ পৰিছে বৰ্তমান জাইৰা।

ফেনপেজ সমূহকলৈ অসুখী একালৰ অভিনেত্ৰী জাইৰা ৱসীমঃ 2


জাইৰাই নিজ চচিয়েল মিডিয়া একাউন্ট যোগেৰে এটা মেছেজ সকলোলৈ প্ৰেৰণ কৰে য’ত তেওঁ আটাইবোৰ ফেন পেজকেই আহ্বান জনায় যে তেওঁৰ যাতে আৰু কোনোধৰণৰ ফটো ফেন পেজে শ্বেয়াৰ নকৰে কিয়নো অভিনয় জীৱনত তেওঁ কেতিয়াবাই বিৰাম লগাই পেলাইছে। ফেন পেজ সমূহে বৰ্তমানলৈ জাইৰাৰ যিমান বোৰ ফটো আপলোড কৰিছে সেই আটাইবোৰকো তেওঁ ডিলিট কৰি পেলাবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform