Rupaliparda.com
"আমিষ" ৰ সফল এটা বৰ্ষঃ এতিয়াও "আমিষ" ৰ জ্বৰত জৰ্জৰিত দৰ্শক- 1

“আমিষ” ৰ সফল এটা বৰ্ষঃ এতিয়াও “আমিষ” ৰ জ্বৰত জৰ্জৰিত দৰ্শক-

বিগত বৰ্ষৰ প্ৰায় এইটো সময়তে অসমীয়া দৰ্শকৰ “ভোক” লাগিছিল; “আমিষ” ৰ জ্বৰত ভুগিছিল প্ৰায় প্ৰতিজন জনসাধাৰণ। এটা বছৰৰ পিছতো যেন সাম কটা নাই এই জ্বৰৰ। হাউচফুল দৰ্শনীৰে পৰিপূৰ্ণ অসমীয়া দৰ্শকক উৎসাহিত কৰা এখন অসমীয়া ছবি “আমিষ” ৰ সফল এটা বৰ্ষ। বিভিন্ন ছবি সমাৰোহত মনোনয়ন লাভ কৰি ছবি সমালোচক তথা দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰা “আমিষ” শীৰ্ষক এই ছবিখনক বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ এইটো সময়তে মুক্তি দিয়া হৈছিল ঘৰুৱা দৰ্শকৰ সমুখত। ভাস্কৰ হাজৰিকাৰ “মাষ্টাৰপিছ” ৰূপে পৰিগণিত এই ছবিখনত অন্তৰ্ভূক্ত প্ৰতিটো চৰিত্ৰই আছিল মন পৰশা। নিজা একোটা বৈশিষ্ট্যৰে পৰিপূৰ্ণ এই ছবিখনৰ প্ৰতিটো চৰিত্ৰৰেই বহুল অনুৰাগী আছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। বৰ্তমান moviesaints.com ত উপলদ্ধ “আমিষ”; মুক্তিৰ এটা বছৰ পিছত ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে একোটাকৈ পোষ্টেৰে চচিয়েল মিডিয়াত উদযাপন কৰিছে ছবিখনৰ প্ৰথমটো বাৰ্ষিকী।

"আমিষ" ৰ সফল এটা বৰ্ষঃ এতিয়াও "আমিষ" ৰ জ্বৰত জৰ্জৰিত দৰ্শক- 2


২০১৯ চনত ট্ৰাইবেকা চলচিত্ৰ মহোৎসৱত “আমিষ” য়ে মুক্তি লাভ কৰাৰ লগতে “আমিষ” য়ে “ইন্টাৰনেছনেল নেৰেটিভ” ৰ পাঁচটা ভিন্ন শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ২২ নৱেম্বৰত মুক্তি লাভ কৰে। উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “আমিষ” ৰ বাবে লিমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে ভাস্কৰ হাজৰিকাই লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা। চতূৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালক তথা শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটাও লাভ কৰে। আচলতে, সম্প্ৰতি সময়ৰ অসমীয়া ভাল লগা ছবি বুলি যদি প্ৰশ্ন কৰা হয় তেতিয়াহ’লে হয়টো একাংশ চলচিত্ৰ প্ৰেমী দৰ্শকৰ বাবে শীৰ্ষ স্থানত থকা ছবিখন হ’ব “আমিষ”।

"আমিষ" ৰ সফল এটা বৰ্ষঃ এতিয়াও "আমিষ" ৰ জ্বৰত জৰ্জৰিত দৰ্শক- 3


“প্ৰেম” ক এক অন্য ৰূপত প্ৰতিষ্ঠিত কৰোৱাই প্ৰেমাস্পদৰ কাষ চপাৰ ব্যতিক্ৰমী চেষ্টা কৰা “আমিষ” দৰ্শকৰ মন গহ্বৰত এনেকৈয়ে সোমাই পৰিছিল যেন ছবিখনৰ শেষৰ পিছতো একাংশ বহি ৰৈছিল ছবিগৃহৰ ভিতৰত। মনৰ মাজত হৈ থকা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৈতে আপোনাজনৰ হোৱা মিলনক এনে এক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত কৰা হৈছিল যে অসমীয়া ছবিক লৈ প্ৰত্যেকৰে আশা বৃদ্ধি পাবলৈ ধৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform