Rupaliparda.com
জাহ্নু বৰুৱাৰ সৈতে অভিনেত্ৰী জেৰিফা ৱাহিদৰ কথোপকথনঃ চলিছে নেকি ন-ছবিৰ পৰিকল্পনা? 1

জাহ্নু বৰুৱাৰ সৈতে অভিনেত্ৰী জেৰিফা ৱাহিদৰ কথোপকথনঃ চলিছে নেকি ন-ছবিৰ পৰিকল্পনা?

এখন ছবি সফল হ’বলৈ হ’লে পৰিচালকৰ সৈতে এগৰাকী অভিনেতা অথবা অভিনেত্ৰীৰ যুঁটিটো সদায় মন কৰিবলগীয়া। বলীউডত এনে যুঁটিবোৰৰ উদাহৰণ আমি প্ৰায়ে দেখো; য’ত এগৰাকী পৰিচালকৰ সৈতে প্ৰায় একে গৰাকী অভিনেতা অথবা অভিনেত্ৰীক দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে, অসমীয়া জনপ্ৰিয় পৰিচালক জাহ্নু বৰুৱাৰ প্ৰায় কেইবাখনো ছবিত অভিনয় কৰিছে অভিনেত্ৰী জেৰিফা ৱাহিদে; এওঁলোকৰ যুঁটিৰে অহা প্ৰায় প্ৰতিখন ছবিয়েই জনসাধাৰণৰ ধ্যান আকৰ্ষণ কৰাত সক্ষম হৈছিল। “বান্ধোন”, “ভগা খিৰিকী” আদি ছবিবোৰ এনে সফল ছবিৰ মাজৰ একোখন। শেহতীয়াকৈ জেৰিফা ৱাহিদে ইনষ্টাগ্ৰাম যোগে জাহ্নু বৰুৱাৰ সৈতে কথোপকথন কৰি থকা সময়ৰ কেইখনমান ফটো আপলোড কৰে। জেৰিয়াই কয় যে, “পদ্মভূষণ” ৰ সন্মানেৰে বিভূষিত পৰিচালক জাহ্নু বৰুৱাৰ সৈতে হোৱা কথা বতৰাবোৰ সদায়েই ৰোমাঞ্চক।” ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform