Rupaliparda.com

ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিঃ শোকাহত মনোৰঞ্জন ক্ষেত্ৰ-

একেৰাহে তিনিটাকৈ কাৰ্যকালৰ মূখ্যমন্ত্ৰী ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈ আৰু নাই। বৰ্তমান কেওঁদিশে বৈছে শোকৰ বন্যা; বিগত দিনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰত হৈ থকা তৰুণ গগৈৰ যোৱা কিছুদিন ধৰি স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু শেষত কালি সন্ধিয়া প্ৰায় ৫.৩৪ মান বজাত প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীয়ে ইহলীলা সম্বৰণ কৰে। মন্ত্ৰী গৰাকীৰ মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে শোকস্তব্ধ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনকো। ১৫ বছৰ ধৰি একেজন মূখ্যমন্ত্ৰীৰ নাম লৈ অহা জনসাধাৰণে তৰুণ গগৈৰ কিছু কথাক লৈ যদিও সমালোচনা কৰিছিল তৎস্বত্বেও তেওঁৰ সৈতে আৱেগ জড়িত হৈ আছিল; শোকাহত ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিয়েই বৰ্তমান তেওঁলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলি। বৰষা ৰাণী বিষয়াকে আৰম্ভ কৰি নিশিতা গোস্বামী, দীপিলিনা ডেকা আদি প্ৰত্যেকগৰাকী কন্ঠশিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ে একোটা পোষ্টেৰে হ’লেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীক।

ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিঃ শোকাহত মনোৰঞ্জন ক্ষেত্ৰ- 1

আনহাতে, তেওঁৰ মৃত্যুৰ খবৰ শুনি ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিছুদিন পূৰ্বে গুৱাহাটী চাৰ্কিট হাউচত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে বিভিন্ন বিষয় লৈ কথা-বতৰা চলিছিল বুলি সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰে কন্ঠশিল্পী গৰাকীয়ে। প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীলৈ শিল্পী সকলে যঁচা শ্ৰদ্ধাঞ্জলি পোষ্ট সমূহ চাওঁচোন আহকঃ

ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিঃ শোকাহত মনোৰঞ্জন ক্ষেত্ৰ- 2
ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিঃ শোকাহত মনোৰঞ্জন ক্ষেত্ৰ- 3
ৰাজনীতিৰ মহীৰুহ তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিঃ শোকাহত মনোৰঞ্জন ক্ষেত্ৰ- 4

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform