Rupaliparda.com

অসমীয়া সংগীত ক্ষেত্ৰখনলৈ আগমন কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰঃ

কুলদীপ শইকীয়া; নামটো নিশ্চয় আপোনালোকৰো চিনাকী। নহ’বওঁনো কিয়? মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দুই কন্ঠশিল্পী ক্ৰমে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তইও উক্ত শিল্পী গৰাকীৰ শিল্পকৰ্মক লৈ আকৰ্ষিত। নিজৰ সৃষ্টিৰ নীৰৱ সাধক কুলদীপে এগৰাকী কাৰ্টুনিষ্ট হিচাপে চিনাকী লাভ কৰা পিছতেই এইবাৰ আকৌ তেওঁৰ কথা আৰু সুৰেৰে আহি আছে এটা নতুন ৰোমান্টিক গীত। আমি প্ৰায়ে কওঁ যে অসমত থকা প্ৰতিভা সমূহক আমি নুই কৰিব নোৱাৰো। এই প্ৰতিভা সমূহে প্ৰায়ে প্ৰত্যেককে আপ্লুত কৰি ৰাখিবলৈ সক্ষম হৈছে। কুলদীপ শইকীয়াৰ কাৰ্টুনৰ বিষয়বস্তুৰ সমান্তৰালকৈ এইবাৰ তেওঁৰ কথাইও যে জনসাধাৰণক অনুৰাগী কৰি তুলিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বিগত বহু সময়ৰ পৰা দেশৰ প্ৰতিজন জনসাধাৰণৰ মনত সৃষ্টি হোৱা সন্ত্ৰাসে আচলতে সকলোকে ভাগৰুৱা কৰি তুলিছে; এনেক্ষেত্ৰত প্ৰত্যেককে কিছু হ’লেও মনোৰঞ্জনৰ প্ৰয়োজন। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে।

অসমীয়া সংগীত ক্ষেত্ৰখনলৈ আগমন কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰঃ 1


কুলদীপ শইকীয়াৰ কথা আৰু সুৰেৰে আহিবলগীয়া এই গীতটিৰ নাম হৈছে “দূৰে দূৰে”। অহা ২৭ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া উক্ত গীতটিত কন্ঠদান কৰিছে সুবীৰ কুমাৰ বৰাই। নৱপ্ৰজন্মৰ এজন কন্ঠশিল্পী সুবীৰে ইতিমধ্যে আন কেইবাটাও গীতত কন্ঠদান কৰাৰ উপৰিও তেওঁ প্ৰাগ চেনেল যোগে সম্প্ৰচাৰিত “আমাৰ ভূপেন দা” শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ফাইনেলিষ্টো হৈছিল। সংগীত পৰিচালনা আৰু প্ৰযোজনাৰ দায়িত্বত আছে অনুপম মাঝি; এইগৰাকী সংগীতশিল্পীৰ নামটোও সংগীত ক্ষেত্ৰখনৰ বাবে অচিনাকী নহয়। পূৰ্বে মুক্তিপ্ৰাপ্ত “অ মোৰ আই” শীৰ্ষক গীতটিৰ সৈতেও তেওঁ জড়িত হৈ আছিল। লিৰিকেল ভিডিঅ’ সহ মুক্তিপাবলগীয়া এই গীতটিৰ ভিডিঅ’ সম্পাদনা বৰ্ষন আচাৰ্য্যৰ। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোক কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

অসমীয়া সংগীত ক্ষেত্ৰখনলৈ আগমন কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰঃ 2
অসমীয়া সংগীত ক্ষেত্ৰখনলৈ আগমন কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰঃ 3


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত কুলদীপ শইকীয়াৰ আহিবলগীয়া এই গীতটিয়েও শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform