Rupaliparda.com

এটি গীতেৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কন্ঠশিল্পী বাবুৰঃ

প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তিৰ পিছত কেৱল মাত্ৰ সাধাৰণ জনেই নহয়; শোকাহত হৈছিল প্ৰতিজন মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত কলা-কুশলীও। ইতিমধ্যে চচিয়েল মিডিয়াতো একোটা পোষ্টেৰে শোক ব্যক্ত কৰিছিল শিল্পী সকলে। কিন্তু, এইবাৰ এটি গীতেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কন্ঠশিল্পী বাবু বৰুৱাই। “তুমি তৰুণ চিৰ তৰুণ” শীৰ্ষক এটি গীতেৰে প্ৰাক্তন মন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাবুয়ে। মৃন্ময় কৌশিকৰ কথাৰে গীতটিত সুৰ দিছে নেকিবে লগতে গীতটিত গ্ৰাফিক্স দীপাকৰ চহৰীয়াৰ।চলিত বৰ্ষতে কংগ্ৰেছ দলত যোগদান দিছিল কন্ঠশিল্পী বাবুয়ে; শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত বাবুৰ এই গীতটিত বহুল জনসাধাৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ২৩ নৱেম্বৰত ইহলীলা সম্বৰণ কৰা প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহৰ অন্তোষ্টিক্ৰিয়া সমাপ্ত হৈছিল ২৬ নৱেম্বৰ তাৰিখে। উল্লেখ্য যে, কোনো বিতৰ্কত নাম সাঙুৰ নোখোৱা কন্ঠশিল্পী বাবু এতিয়া প্ৰায়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

এটি গীতেৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কন্ঠশিল্পী বাবুৰঃ 1


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ “Bad Boy” শীৰ্ষক গীতটিকো ট্ৰোল কৰিছিল একাংশই। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform