Rupaliparda.com

“বচ্চন পাণ্ডে” ত এইবাৰ অক্ষয় কুমাৰ আৰু অৰশদ বাৰসীৰ ন-যুঁটিঃ

ইখনৰ পিছত সিখনকৈ ছবিৰ মুক্তিৰ দিশে অক্ষয় কুমাৰ। অভিনেতা গৰাকীয়ে “লক-ডাউন” ৰ সমাপ্তিৰ পিছতেই নিজৰ ছবিৰ শ্বুটিং আৰম্ভ কৰি পেলাইছিলে লগতে সম্প্ৰতি তেওঁৰ কেইবাখনো ছবি মুক্তিৰ বাবে সাজু হৈ পৰিছে আৰু একাংশ ছবি অভিনেতা গৰাকীয়ে গ্ৰহণ কৰিছে যদিও ইয়াৰ শ্বুটিং হ’বলৈ বাকী আছে। যাৰ ভিতৰত এখন হৈছে “বচ্চন পাণ্ডে”; ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে জনাসাধাৰণৰ সমুখত। শেহতীয়াকৈ অহা খবৰ অনুসৰি লগতে ছবি সমালোচক তৰণ আদৰ্শে জনোৱা মতে, অহা বৰ্ষৰ জানুৱাৰী মাহত “বচ্চন পাণ্ডে” ছবিখনৰ চিড্যুল আৰম্ভ হ’ব আৰু এই শ্বুটিং মাৰ্চ অব্যাহত থাকিব। আনহাতে আন এক উল্লেখনীয় কথা এয়াই যে, এই ছবিখনত অক্ষয় কুমাৰৰ সৈতে আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অৰশদ বাৰসীয়ে। ইয়াৰ উপৰিও, চিনেমা খনত নায়িকা চৰিত্ৰ ৰূপায়ন কৰিব কৃতি সেননে। ছবিখনৰ নিৰ্দেশনা ফৰহাদ সামজীৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে সাজিদ নাডিৱালাই।

"বচ্চন পাণ্ডে" ত এইবাৰ অক্ষয় কুমাৰ আৰু অৰশদ বাৰসীৰ ন-যুঁটিঃ 1
"বচ্চন পাণ্ডে" ত এইবাৰ অক্ষয় কুমাৰ আৰু অৰশদ বাৰসীৰ ন-যুঁটিঃ 2


যদিও এইবাৰ এইখন ছবিত পোন প্ৰথম বাৰৰ অৰশদ আৰু অক্ষয়ক মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব; কিন্তু ইয়াৰ পূৰ্বেও “দূশমনঃ এক অনৌখী কাহানী” ত দুয়োগৰাকী অভিনেতাক একেলগে দেখিবলৈ পোৱা গৈছিল। “বচ্চন পাণ্ডে” ছবিখনত গেংগষ্টাৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনয় অক্ষয় কুমাৰে আৰু এগৰাকী সাংবাদিকৰ চৰিত্ৰত আছে কৃতি সেনন; লগতে, অক্ষয় কুমাৰৰ বন্ধুৰ চৰিত্ৰ ৰূপায়ন কৰিছে অৰশদ বাৰসীয়ে। আহিবলগীয়া সময়ত ছবিখনত আৰু এগৰাকী নায়িকাক গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform