Rupaliparda.com
সৰ্বত্ৰে আৰম্ভ হৈছে ৰাস মহোৎসৱঃ "ব্ৰজনন্দন" ত লাভ কৰিব সুন্দৰ আভাস- 1

সৰ্বত্ৰে আৰম্ভ হৈছে ৰাস মহোৎসৱঃ “ব্ৰজনন্দন” ত লাভ কৰিব সুন্দৰ আভাস-

সম্প্ৰতি সৰ্বত্ৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ; কেওঁদিশে উৎসাহ-উদ্দীপনাৰে ভৰপূৰ পৰিৱেশ। মাজুলীলৈও ধাৱমান হৈছে একাংশ পৰ্যটক; সঁচা অৰ্থত ক’বলৈ গ’লে ৰাস মহোৎসৱৰ সম্পূৰ্ণ ৰস লাভ কৰিব পৰা যায় মাজুলীতহে। এই ৰাস মহোৎসৱৰ আৰম্ভণিৰ পূৰ্বৰে পৰা ঠাইয়ে ঠাইয়ে পূৰ্ণগতিত চলে প্ৰস্তুতি। গতিকে, এই প্ৰস্তুতিক কেন্দ্ৰ কৰিয়েই শেহতীয়াকৈ নিৰ্মিত “ব্ৰজনন্দন” শীৰ্ষক এটি প্ৰকল্পই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনসাধাৰণৰ মাজত। অসমৰ ৰাস মহোৎসৱৰ সময়ছোৱাৰ অসমীয়া গ্ৰাম্যঞ্চলৰ এখন জীয়া প্ৰতিচ্ছবিক উপস্থাপনৰ অৰ্থে নিৰ্মাণ কৰি উলিওৱা উক্ত প্ৰকল্পটোৱে জনসাধাৰণক ৰাসৰ আগমূহুৰ্তৰ উখল-মাখল পৰিস্থিতিৰ এক সুন্দৰ আভাস প্ৰদান কৰি গৈছে। সকলো মহোৎসৱৰ সমান্তৰালকৈ আমাৰ জনসমাজত ৰাসৰ প্ৰাধান্যও অত্যাধিক; ভগৱান শ্ৰী কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ হৈ তেওঁৰ লীলা লগতে মানৱ সমাজক তেওঁক দিয়া কিছু নীতি শিক্ষা আদিয়ে ৰাসক লৈ সাধাৰণজনক অধিক উৎসাহিত কৰি ৰাখে।


ৰাসৰ কিছু সংকলিত গীত ন-কন্ঠৰে সংকলন কৰি ৰাইজৰ মাজত উলিয়াই দিয়া হৈছিল “ব্ৰজনন্দন” ক। নিমাতী বালিচৰত শ্বুটিং সম্পন্ন হোৱা উক্ত প্ৰকল্পটোৰ ভিডিঅ’ পৰিচালনা কৰিছে নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱক পল্লৱ জ্যোতি দত্তই। লগতে, ৰাস গীত সমূহত কন্ঠদান কৰিছে ক্ৰমে জনম কাশ্যপ, পৰিস্মিতা, যদুমণি দত্ত আৰু পল্লৱ দত্তই। “ব্ৰজনন্দন” ত আন এক মন কৰিবলগীয়া কথা এয়াও যে কমলাবাৰী সত্ৰৰ কেইবাগৰাকীও ভকত এই প্ৰকল্পটোত উক্ত নৱপ্ৰজন্মৰ দলটোক সহায় কৰাৰ উপৰিও গীতকেইটাত কন্ঠদানো কৰা দেখিবলৈ পোৱা গৈছে। ৰাস মহোৎসৱৰ সময়ছোৱাৰ পটভূমিত নিৰ্মিত আমি এনে বহু প্ৰকল্প দেখিছো কিন্তু নৱপ্ৰজন্মৰ এই দলটোৱে পোন প্ৰথমবাৰৰ বাবে ৰাসৰ আগমূহূৰ্তৰ উখল-মাখল পৰিস্থিতিৰ এক সুন্দৰ ছবি সাধাৰণ জনৰ মাজত দাঙি ধৰাত সফল হৈছে।

সৰ্বত্ৰে আৰম্ভ হৈছে ৰাস মহোৎসৱঃ "ব্ৰজনন্দন" ত লাভ কৰিব সুন্দৰ আভাস- 2


নিত্য-নতুন প্ৰকল্পৰে আগবঢ়া নৱপ্ৰজন্মৰ এই সৃষ্টিসমূহে প্ৰায়ে উৎকন্ঠিত কৰে সকলোকে। তেওঁলোকৰ এই প্ৰচেষ্টা আৰু প্ৰয়াসে প্ৰত্যেকজন অসমীয়াকো প্ৰতিটো সময়ত গৌৰম্বন্বিত কৰি তুলিবলৈ সক্ষম হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform