Rupaliparda.com
হিমশেখৰ বৰঠাকুৰৰ গৱেষণামূলক প্ৰচেষ্টা "Whispering Wish"- 1

হিমশেখৰ বৰঠাকুৰৰ গৱেষণামূলক প্ৰচেষ্টা “Whispering Wish”-

এটা সংগীত সম্পূৰ্ণ হ’বলৈ প্ৰায় প্ৰত্যেকেই কোৱা উপাদান কেইটা হৈছে ক্ৰমে গীতৰ কথা, ইয়াৰ সুৰ তথা ইয়াৰ বিষয়বস্তু। এই আটাইবোৰ সুন্দৰ হ’লেহে এটা গীত শ্ৰোতা-দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হ’ব আৰু লগতে ই সফলতা চুমিব। সম্প্ৰতি একোটা গীতৰ বিষয়বস্তুয়ে জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। গীতটিত ব্যৱহৃত প্ৰতিটো শব্দ অথবা শাৰীৰ সৈতে খাপ খোৱাকৈ ভিডিঅ’টোত পৰিস্থিতিৰ উপস্থাপন কৰাটো যেন বৰ্তমানৰ গীত সমূহৰ এক প্ৰধান লক্ষ্যৰূপে পৰিগণিত হৈছে। শেহতীয়াকৈ কন্ঠশিল্পী হিমশেখৰ বৰঠাকুৰৰ কন্ঠত মুক্তি লাভ কৰিছিল এটা গীত; গীতটিৰ নাম হৈছে “Whispering Wish”। একোটা গীত গৱেষণামূলক প্ৰক্ৰিয়াৰে সৃষ্টি কৰি তাক এটা সুকীয়া ৰূপ দিবলৈ হিমশেখৰে কৰা প্ৰচেষ্টা উক্ত গীতটোতো দেখিবলৈ পোৱা গৈছে। গীতটিৰ নামটোৱেই জনসাধাৰণক ইয়াৰ এক চমু আভাস দি থৈ যায়; আমাৰ জীৱন বোৰ জীয়াবলৈ সদায় কিছু আশা থাকে। এই আশাবোৰ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যৰেই আমি জীয়াই থাকিবলৈ উৎসাহ পাওঁ; কিছু আশা মনৰ মাজত থাকে আৰু কিছু আশা বাহিক্যতাৰ মাজত আৱদ্ধ হৈ থাকে। এই সুক্ষ্ম সুক্ষ্ম কিছু আশাক লৈয়ে হিমশেখৰ বৰঠাকুৰৰ “Whispering Wish” য়ে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ সমাদৰ।

হিমশেখৰ বৰঠাকুৰৰ গৱেষণামূলক প্ৰচেষ্টা "Whispering Wish"- 2


উক্ত গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা আৰু সুৰ লগতে সংগীত ব্যৱস্থাপনা হিমশেখৰ বৰঠাকুৰৰ নিজৰেই। গীতাৰ বজাইছে ৰজত বৰদলৈয়ে; বেছ জিনে চাউদাং বৰুৱাৰ আৰু বাঁহী বজাইছে বিতুল দোৱাৰীয়ে। শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’ কনচেপ্ট প্ৰাণজিৎ প্ৰতীম দত্তৰ আৰু পৰিচালনা-চিত্ৰনাট্য অভিজিৎ নাথৰ। Dhwani Records শীৰ্ষক ইউটিউব চেনেলটোত মুক্তি লাভ কৰা এই গীতটিৰ বৰ্তমান ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। উক্ত গীতটি তেওঁৰ “প্ৰহৰ” এলবামটোৰ চতূৰ্থটো গীত। এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক সংগীতৰ কোনটো উপাদানেৰে জনসাধাৰণক আকৰ্ষণ কৰাৰ চেষ্টা কৰে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে,

হিমশেখৰ বৰঠাকুৰৰ গৱেষণামূলক প্ৰচেষ্টা "Whispering Wish"- 3


“সংগীতৰ কোনটো নিৰ্দ্দিষ্ট উপাদানে আকৰ্ষণ কৰে নাজানো কিন্তু এটা গীতক যদি কোনো শ্ৰোতাই আকোঁৱালি ল’বলৈ হয় তেনেহ’লে সেই গীতটোত “পূৰ্ণতা” থাকিব লাগিব। যদি মোক কৰা প্ৰশ্নৰ উত্তৰটো মই দিওঁ তেতিয়াহ’লে মই পোনপ্ৰথমে চাওঁ গীতৰ কথা তাৰ পিছত গীতৰ ভাব, সুৰ, সংগীত ব্যৱ্স্থাপনা আৰু শেষলৈ গুৰুত্বপূৰ্ণভাৱে গায়কীৰ উপস্থাপন।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform