Rupaliparda.com
পূৰ্বতকৈ সম্পূৰ্ণ বেলেগ আৰক্ষীৰ ৰূপত এইবাৰ ছলমান খানঃ 1

পূৰ্বতকৈ সম্পূৰ্ণ বেলেগ আৰক্ষীৰ ৰূপত এইবাৰ ছলমান খানঃ

ছলমান খানৰ আহিবলগীয়া ছবি “ৰাধে” জনসাধাৰণৰ সমুখত প্ৰায় প্ৰত্যেকদিনাই চৰ্চা লাভ কৰি আহিছে। লক-ডাউনৰ পূৰ্বৰে পৰা ছবিখনৰ শ্বুটিং চিড্যুল আৰম্ভ হৈছিল যদিও “লক-ডাউন” ৰ ফলত ইয়াক ৰখাই দিয়া হৈছিল কিন্তু শেহতীয়াকৈ আকৌ আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং। “ৰাধে” ত ছলমান খানক আকৌ এবাৰ আৰক্ষীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব যদিও “ডবংগ” চিৰিজৰ আৰক্ষী চৰিত্ৰতকৈ ছলমান খানৰ এইবাৰৰ চৰিত্ৰটো সম্পূৰ্ণ বেলেগ হ’ব। “ডবংগ” ছবিখনত চুলবুল পাণ্ডে হৈ যেনেদৰে ছলমানে সকলোকে হহুঁৱাইছিলে, নচোৱাইছিলে কিন্তু এইবাৰ আহিবলগীয়া ছবিখনত ছলমান খানে খুব কমকৈহে হাঁহিব। আটাইতকৈ গম্ভীৰ আৰু খঙাল ৰূপত এইবাৰৰ আৰক্ষী হৈ ওলাই আহিব ছলমান খান। এই বিষয়ে ছবিখনৰ নিৰ্দেশক প্ৰভূ দেৱাৰ সৈতে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে পতা কথা-বতৰাত তেওঁ কয় যে, “ছলমান ছাৰে পূৰ্বে ৰূপায়ন কৰা চুলবুল পাণ্ডে ৰ চৰিত্ৰটোৰ দৰে যদি “ৰাধে” ৰ চৰিত্ৰটোও হয় তেতিয়াহ’লে এইখন ছবিও “ডবংগ” চিৰিজৰ দৰেই পৰিগণিত হ’ব।”

পূৰ্বতকৈ সম্পূৰ্ণ বেলেগ আৰক্ষীৰ ৰূপত এইবাৰ ছলমান খানঃ 2
পূৰ্বতকৈ সম্পূৰ্ণ বেলেগ আৰক্ষীৰ ৰূপত এইবাৰ ছলমান খানঃ 3


এগৰাকী আৰক্ষী বিষয়া ৰূপে ধীৰ-সুস্থিৰ আৰু গম্ভীৰতা লগতে কোনো অপৰাধীকে সাৰি যাবলৈ সুবিধা নিদিয়া বিধৰ হ’ব এইবাৰৰ আৰক্ষী ছলমান খান। উল্লেখ্য যে, উক্ত ছবিখনৰ ক্লাইমেক্সৰ বাবে অভিনেতা ছলমান খানে দিব হয়তো ৭.৫০ কোটি টকা।কিয়নো ২০ মিনিট দৈৰ্ঘ্যৰ হ’বলগীয়া ছবিখনৰ ক্লাইমেক্সটো হ’ব “বাহুৱলী” ছবিখনৰ প্ৰথমটো আৰু দ্বিতীয়টো সংস্কৰণৰ দৰেই। ৰিপোৰ্ট অনুসৰি, উক্ত ক্লাইমেক্সৰ দৃশ্যটো দীঘলীয়া হোৱাৰ উপৰিও তাত দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা ক্ৰমে ছলমান আৰু ৰণদ্বীপ হুড্ডাৰ একশ্বন দৃশ্য দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform