Rupaliparda.com
Ratnakar

ৰত্নাকৰ

অসমৰ জনপ্ৰিয় অভিনেতা লগতে অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ বিত্ত তথা বিকাশৰ অধ্যক্ষ যতীন বৰাই নিজ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰিছে “ৰত্নাকৰ”। প্ৰায় ৫০ খন বোলছবিত নিজ অভিনয়েৰে সুনাম অৰ্জন কৰা যতীন বৰাই অসমীয়া বোলছবিৰ যি লেহেমীয়া ধাৰা তাক গতি দিয়াৰ অভিপ্ৰায়েৰে আৰম্ভ কৰিছে “ৰত্নাকৰ” ৰ পষ্ট-প্ৰডাকচনৰ কাম। ইতিমধ্যে বহু থিয়েটাৰত কাম কৰি অহা অসমীয়া ৰাইজৰ চিনাকী অভিজিৎ ভট্টাচাৰ্য্যই সংলাপ দিছে বোলছবি “ৰত্নাকৰ”ত। যতীন বৰাৰ নিজ প্ৰডাকচন হাউচ জে.বি প্ৰডাকচনত কাম চলা উক্ত বোলছবিখনৰ কাহিনী তথা সংলাপকলৈ আশাবাদী অভিনেতাগৰাকী। তেওঁ নিজেই ASFEDC ৰ অধ্যক্ষ হিচাপে অসমত প্ৰায় ৩৫ টা চিনেমা গৃহ নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে য’ত অসমীয়া বোলছবিয়ে আগস্থান পোৱাৰ লগতে অসমীয়া ৰাইজে বোলছবিসমূহ চোৱাৰ বাবে আগ্ৰহী হ’ব।
এজন পুৰুষৰ তিনি অধ্যায়; য’ত তেওঁ নিজ সন্তানক অকলেই তুলি-তুলি ডাঙৰ কৰিব লাগে তাকেই কেন্দ্ৰ কৰি কাহিনী দিয়া হৈছে বোলছবিখনত। যতীন বৰাৰ সৈতে ইতিমধ্যে বিভিন্ন চিনেমাত কাম কৰি অহা বৰষাৰাণী বিষয়া হৈছে “ৰত্নাকৰ” ৰ মূখ্য চৰিত্ৰ। অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়,ৰাজস্থান আৰু জ্যোতি চিত্ৰৱনৰ ষ্টুডিঅ’ ত সম্পন্ন হৈছে বোলছবি খনৰ চিত্ৰগ্ৰহণৰ কাম। দৰ্শকৰ ৰুচিৰ ওপৰত ভিত্তি কৰিয়েই বোলছবি খনৰ বিভিন্ন কাম কৰা বুলি উল্লেখ কৰে পৰিচালক গৰাকীয়ে।
বোলছবিখনৰ সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গকে ধৰি যতীন শৰ্মা আৰু অজয় ফুকনে। দীপক দে’, উদয় শংকৰ,পংকজ ইংতিয়ে নৃত্য পৰিচালনা কৰিছে উক্ত বোলছবিখনত।
অসমীয়া বোলছবিৰ অচল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি অহা শিল্পীসমূহৰ ভিতৰত যতীন বৰাৰ নামো লেখত ল’বলগীয়া। অসমীয়া চিনেমা জগতত কাম কৰা ব্যক্তিসকলেই যেতিয়া অসমীয়া বোলছবি জগতক লৈ কাম কৰিবলৈ লয়; তেতিয়া তাৰ উন্নতি হো্ৱাটো নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform