অসমৰ জনপ্ৰিয় অভিনেতা লগতে অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ বিত্ত তথা বিকাশৰ অধ্যক্ষ যতীন বৰাই নিজ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰিছে “ৰত্নাকৰ”। প্ৰায় ৫০ খন বোলছবিত নিজ অভিনয়েৰে সুনাম অৰ্জন কৰা যতীন বৰাই অসমীয়া বোলছবিৰ যি লেহেমীয়া ধাৰা তাক গতি দিয়াৰ অভিপ্ৰায়েৰে আৰম্ভ কৰিছে “ৰত্নাকৰ” ৰ পষ্ট-প্ৰডাকচনৰ কাম। ইতিমধ্যে বহু থিয়েটাৰত কাম কৰি অহা অসমীয়া ৰাইজৰ চিনাকী অভিজিৎ ভট্টাচাৰ্য্যই সংলাপ দিছে বোলছবি “ৰত্নাকৰ”ত। যতীন বৰাৰ নিজ প্ৰডাকচন হাউচ জে.বি প্ৰডাকচনত কাম চলা উক্ত বোলছবিখনৰ কাহিনী তথা সংলাপকলৈ আশাবাদী অভিনেতাগৰাকী। তেওঁ নিজেই ASFEDC ৰ অধ্যক্ষ হিচাপে অসমত প্ৰায় ৩৫ টা চিনেমা গৃহ নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে য’ত অসমীয়া বোলছবিয়ে আগস্থান পোৱাৰ লগতে অসমীয়া ৰাইজে বোলছবিসমূহ চোৱাৰ বাবে আগ্ৰহী হ’ব।
এজন পুৰুষৰ তিনি অধ্যায়; য’ত তেওঁ নিজ সন্তানক অকলেই তুলি-তুলি ডাঙৰ কৰিব লাগে তাকেই কেন্দ্ৰ কৰি কাহিনী দিয়া হৈছে বোলছবিখনত। যতীন বৰাৰ সৈতে ইতিমধ্যে বিভিন্ন চিনেমাত কাম কৰি অহা বৰষাৰাণী বিষয়া হৈছে “ৰত্নাকৰ” ৰ মূখ্য চৰিত্ৰ। অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়,ৰাজস্থান আৰু জ্যোতি চিত্ৰৱনৰ ষ্টুডিঅ’ ত সম্পন্ন হৈছে বোলছবি খনৰ চিত্ৰগ্ৰহণৰ কাম। দৰ্শকৰ ৰুচিৰ ওপৰত ভিত্তি কৰিয়েই বোলছবি খনৰ বিভিন্ন কাম কৰা বুলি উল্লেখ কৰে পৰিচালক গৰাকীয়ে।
বোলছবিখনৰ সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গকে ধৰি যতীন শৰ্মা আৰু অজয় ফুকনে। দীপক দে’, উদয় শংকৰ,পংকজ ইংতিয়ে নৃত্য পৰিচালনা কৰিছে উক্ত বোলছবিখনত।
অসমীয়া বোলছবিৰ অচল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি অহা শিল্পীসমূহৰ ভিতৰত যতীন বৰাৰ নামো লেখত ল’বলগীয়া। অসমীয়া চিনেমা জগতত কাম কৰা ব্যক্তিসকলেই যেতিয়া অসমীয়া বোলছবি জগতক লৈ কাম কৰিবলৈ লয়; তেতিয়া তাৰ উন্নতি হো্ৱাটো নিশ্চিত।
You may also like
ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ
ৰূপম ভূঞাৰ ছবি প্ৰডাকশ্যনে যোৱা তিনিবছৰে ছায়া ছবি প্ৰকল্পৰ জৰিয়তে সংগীতৰ এক অনন্য অনুভৱ শ্ৰোতা-দৰ্শকক প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কেইদিনমানৰ আগত মুক্তি লাভ কৰিছে ছায়া ছবি -৩য়ে। ৰূপম ভূঞাই এই প্ৰতিৱেদকক জনায় যে...
কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা
নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত...
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা
৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
|| ৱাইড এংগল ||–উৎপল মেনা
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...
Add comment