Rupaliparda.com
"বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো" - মনোজ বৰকটকী 1

“বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো” – মনোজ বৰকটকী

“বাঘজান”; শব্দটোৱে যেন এতিয়া প্ৰত্যেকৰে মনবোৰ জোঁকাৰি যোৱাৰ উপৰিও হতাশা আৰু বিষাদৰ সৃষ্টি কৰিছে। চলিত বৰ্ষৰ ২৭ মে’ তাৰিখৰ পৰা ছয় মাহ পৰ্যন্ত দাওঁ দাওঁকৈ জ্বলি থকা জুইকুৰাই সেই স্থানৰ স্থানীয় লোকৰ হৃদয়তো যে বিভীষিকাৰ সৃষ্টি কৰিছিল সেয়া আমি নেদেখিলেও ভালকৈয়ে হৃদয়ংগম কৰিব পাৰো। বাঘজানৰ BGR5 নং তৈলখাদত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই বহু সাধাৰণজনৰ প্ৰাণ কাঢ়ি লোৱাৰ উপৰিও ঘৰ-বাৰীৰ পৰা আদি কৰি হাত সাৰি যোৱা নাছিল জীৱ-জন্তুও। সম্প্ৰতি পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি আহিলেও স্বাভাৱিক হ’ব পৰা নাই তাত বাস কৰা স্থানীয় ৰাইজ। নিজৰ মৰমৰ ঘৰখনৰ পৰা আঁতৰি ৬ টাকৈ মাহ আশ্ৰয় শিবিৰত জীৱন-যাপন কৰি তেওঁলোকৰ মনত কি অনুভূতিয়ে অথবা কেনে সন্ত্ৰাসে হেঁচা মাৰিছিল সেয়া আমি বাৰুকৈয়ে বুজি পাওঁ। খবৰনুসৰি, জুই লগাৰ পূৰ্বৰে পৰা বাঘজানৰ স্থানীয় লোকে সন্ত্ৰাসৰ সন্মুখীন হ’বলগীয়া হৈছিল কিয়নো ১৩ দিন পূৰ্বৰে পৰা তৈলখাদৰ পৰা নিসৰিত হৈ থকা গেছটোৱে বৰষুণৰ সৈতে সংমিশ্ৰণ হৈ অঞ্চলটোত পূৰ্বৰে পৰা ক্ষতিসাধন কৰিছিল। স্থানীয় ৰাইজে আপত্তি কৰা স্বত্বেও তাত কিয়নো বহুৱা হৈছিল তৈলখাদ! এই আটাইবোৰ পৰিস্থিতি, স্থানীয় ৰাইজৰ বিননি তথা জীৱ-জন্তুৰ অকাল মৃত্যুৰ কিছু কথাৰে ৰাইজৰ মাজলৈ আহি আছে এখন অসমীয়া ছবি “বাঘজান”। বাঘজানৰ পটভূমিত “বাঘজান”; জাইচাং জয় দাহুতিয়াৰ ৰচনা তথা পৰিচালনাৰে ছবিখনৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে শ্বুটিং।

"বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো" - মনোজ বৰকটকী 2
"বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো" - মনোজ বৰকটকী 3


ছবিখনত এটি মূখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা মনোজ বৰকটকীৰ সৈতে ৰূপালীপৰ্দাই পতা এক্সক্লুচিভ সাক্ষাৎকাৰ কথা-বতৰা যোগে যেতিয়া তেওঁক অভিনয় সময়ছোৱাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ জানিবলৈ দিছিল যে তাত পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। ছয় মাহ ধৰি যি জুই জ্বলি আছিল আৰু তাৰ আগতে ১৩ দিন ধৰি গেছ নিসৰিত হোৱাৰ ফলত তাৰ স্থানীয় লোকৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰো বহু ক্ষতি কৰিছে। ইয়াৰ উপৰিও, তাত এটা সময়লৈ গৈ এক প্ৰকাৰৰ মূৰ বিষ অনুভৱ হয়। শাৰিৰীক বিসংগতি, স্বাস্থ্য সম্পৰ্কীয় বহু খিনি ক্ষতি এতিয়া জনসাধাৰণে অনুভৱ নকৰিলেও পিছলৈ গৈ হয়টো এই কথাখিনিয়ে এক গুৰুত্বৰ সমস্যা ৰূপে পৰিগণিত হ’ব। মনোজ বৰকটকীয়ে আগলৈ জনায় যে, “বাঘজান” শীৰ্ষক এই ছবিখন প্ৰায় চাৰি- পাঁচটা মূখ্য চৰিত্ৰৰ কাহিনীৰে গোটেই ঘটনাটোৰ বিভিন্ন দিশ সাঙুৰি লোৱা হৈছে। “বাঘজান” ৰ বাবে যিমান খিনি আন্দোলন অথবা যিমান খবৰ সংবাদ মাধ্যম আৰু সংবাদ পত্ৰত প্ৰকাশ কৰা হৈছিল সেই আটাইবোৰৰে স্বতঃৰ্স্ফুত বহিঃ প্ৰকাশ কৰা হৈছে। তেওঁ কয় যে, “এই ছবিখনত সেই অঞ্চলৰ স্থানীয় মানুহখিনিয়ে অভিনয় কৰিছে। তেওঁলোকৰ সঁচা অভিনয়ে ছবিখনক জনসাধাৰণৰ মাজত আৰু অধিক প্ৰভাৱশালী ভাৱে উপস্থাপন কৰাত সক্ষম হ’ম বুলি আমাৰ বিশ্বাস আছে।”

"বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো" - মনোজ বৰকটকী 4
"বাঘজান বাসীৰ লগত থকা সময়খিনিত মই আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়ৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো" - মনোজ বৰকটকী 5


শ্বুটিঙৰ কালছোৱা সেই মানুহখিনিৰ সৈতে একেলগে কটাইছো। আনহাতে ছবিখনত তাৰ স্থানীয় লোকেই যিহেটো অভিনয় কৰিছে গতিকে তেনেক্ষেত্ৰত মই পেছাগত এগৰাকী অভিনেতা ৰূপে তেওঁলোকৰ সৈতে অভিনয় কৰাটো মোৰ বাবে এক বেলেগ ধৰণৰ অভিজ্ঞতা আছিল আৰু লগতে চেলেঞ্জিং আছিলে। ছবিখনত মোৰ চৰিত্ৰটোৰ নাম হৈছে “বিমল”; বাঘজানৰ স্থানীয় ৰাইজে যেনেদৰে কথা কোৱাৰ এটা ধৰণ আছে ঠিক তেনেদৰেই মইয়ো মিলাই ছবিখনত সংলাপ কৈছো । ৬-৭ জন লোকৰ সৰু দল এটাৰে অতি নিষ্ঠাৰে আৰু সংজ্ঞবদ্ধ প্ৰচেষ্টাৰে তথা বাঘজান বাসীৰ সহযোগিতাৰে জাইচাঙে এই ছবিখনৰ শ্বুটিং সমাপ্ত কৰিছে। তেওঁলোকৰ লগত থকা সময়খিনিত মই এগৰাকী অভিনেতা ৰূপে লগতে এগৰাকী সাধাৰণ লোক হিচাপে আটাইবোৰ কথা হৃদয়ংগম কৰি, সেইখিনি মোৰ অভিনয়েৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। শেষত এটাই কথা ক’ম, এইখন এখন গুৰুত্বপূৰ্ণ ছবি বুলি মই ভাবো আৰু যাতে পৃথিৱীৰ বিভিন্ন মানুহে চাই কথাবোৰ অনুভৱ কৰিব পাৰে তাৰে আশা প্ৰকাশ কৰিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform